হোজাই, ০৯ অক্টোবৰ (হি.স.)। লংকাৰ কাকীত একে নিশাই তিনিটা নামঘৰত চুৰি কাণ্ড। নিশা চোৰে ১ নং কাকীৰ ৫ নং গাঁৱৰ তিনিটা নামঘৰত সংঘটিত কৰে বৃহৎ চুৰি কাণ্ড। চোৰে বনীয়া চুক নামঘৰ,নাথ নামঘৰ আৰু কোচ নামঘৰত চলাই লুটপাত। চোৰে তিনিটা নামঘৰৰ পৰা ৰূপৰ,কাহ,পিটলৰ বাচন বৰ্তন পুজাৰ সামগ্ৰী আৰু নগদ ধন চুৰি কৰি লৈ যায়।
কাকীত দিৰ্ঘদিন ধৰি হিন্দু ধৰ্মৰ উপাসনা স্থলীত চোৰে লুটপাত চলাই আৰক্ষীক প্ৰত্যাহ্বান জনাই আহিছে যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাত ৰাইজ চিন্তিত হৈ পৰিছে। দিৰ্ঘ দিনৰ পৰা আৰক্ষীৰ চকুত ধুলি দি অঞ্চলটোত চোৰে লুতপাত চলাই আহিছে। বিগত নিশা নামঘৰ তিনিটাত পহৰাৰ কোনো ব্যৱস্থা নথকাত চোৰে নিৰ্বিঘ্নে নামঘৰ তিনিটাত লুতপাত চলাই আতৰি যাব ,সক্ষম হৈছে
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা