তৃতীয় বিভাগৰ এডিআৰ পৰীক্ষাৰ ফলাফল অহা ১০ অক্টোবৰত ঘোষণা কৰা হ'ব - মুখ্যমন্ত্ৰী
গুৱাহাটী, ০৯ অক্টোবৰ (হি.স.)। অসমত দ্বিতীয়বাৰৰ বাবে ক্ষমতা দখল কৰাৰ লগে লগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত চৰকাৰী চাকৰি সম্প্ৰসাৰণৰ কথা ঘোষণা কৰে। আজিলৈকে চৰকাৰে প্ৰায় ১ লাখ ৫০ হাজাৰ চাকৰিৰ ব্যৱস্থা কৰিছে। এই ঘোষণাৰ দ্বাৰা নিৰ্ধাৰিত ল
তৃতীয় বিভাগৰ এডিআৰ পৰীক্ষাৰ ফলাফল অহা ১০ অক্টোবৰত ঘোষণা কৰা হ'ব - মুখ্যমন্ত্ৰী


গুৱাহাটী, ০৯ অক্টোবৰ (হি.স.)। অসমত দ্বিতীয়বাৰৰ বাবে ক্ষমতা দখল কৰাৰ লগে লগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত চৰকাৰী চাকৰি সম্প্ৰসাৰণৰ কথা ঘোষণা কৰে। আজিলৈকে চৰকাৰে প্ৰায় ১ লাখ ৫০ হাজাৰ চাকৰিৰ ব্যৱস্থা কৰিছে। এই ঘোষণাৰ দ্বাৰা নিৰ্ধাৰিত লক্ষ্য চৰকাৰে ইতিমধ্যে পূৰণ কৰিছে। মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখিত চৰকাৰী চাকৰিৰ লক্ষ্য আৰু অধিক বৃদ্ধি কৰিছে ৷

মুখ্যমন্ত্রী ড০ শর্মাই আজি ফেচবুক যোগে প্রকাশ কৰা এক বিবৃতিত উল্লেখ কৰে যে অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষাৰ অন্তর্গত তৃতীয় বিভাগৰ ফলাফল অহা ১০ অক্টোবৰৰ পুৱা ১০:৩০ বজাত ঘোষণা কৰা হ’ব ৷ মুখ্যমন্ত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে ।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande