জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত শিৱসাগৰত আছুৰ নেতৃত্বত প্ৰতিবাদী সমদল
শিৱসাগৰ, ০৯ অক্টোবৰ (হি.স.)। অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত শিৱসাগৰৰ ৰাজপথত দুই সহস্ৰাধিকৰ প্ৰতিবাদী সমদল। নেতৃত্বত আছুৰ সাধাৰণ সম্পাদক। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ আজি ২১ তা দিন সম্পূৰ্ণ। আজিও আপোন শিল্পী গৰাকীৰ মৃত্যুৰ
জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত শিৱসাগৰত আছুৰ নেতৃত্বত প্ৰতিবাদী সমদল


শিৱসাগৰ, ০৯ অক্টোবৰ (হি.স.)। অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত শিৱসাগৰৰ ৰাজপথত দুই সহস্ৰাধিকৰ প্ৰতিবাদী সমদল।

নেতৃত্বত আছুৰ সাধাৰণ সম্পাদক। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ আজি ২১ তা দিন সম্পূৰ্ণ। আজিও আপোন শিল্পী গৰাকীৰ মৃত্যুৰ ন্যায় বিচাৰি অব্যাহত আছে দাবী-প্ৰতিবাদ।

আজি শিৱসাগৰৰ ৰাজপথত ঐতিহাসিক বৰ্ডিং খেলপথাৰৰ পৰা বাহিৰ কৰা হয় এক বিশাল প্ৰতিবাদী মিছিল। শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ দ্বাৰা ৰূপায়িত এই প্ৰতিবাদী মিছিলত চামিল হয় দুই সহস্ৰাধিক লোক। হাতে হাতে প্লে কাৰ্ড আৰু প্ৰতিবাদী শ্লোগানেৰে মুখৰ হৈ পৰে শিৱসাগৰৰ ৰাজপথ। এই প্ৰতিবাদী মিছিলৰ নেতৃত্ব প্ৰদান কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande