বিটিচিৰ নৱনিৰ্বাচিত পাৰিষদৰ শপতগ্ৰহণ অনুষ্ঠান সম্পন্ন
বিটিচিৰ নৱনিৰ্বাচিত পাৰিষদৰ শপতগ্ৰহণ অনুষ্ঠান সম্পন্ন ৷
বিটিচিৰ নৱনিৰ্বাচিত পাৰিষদৰ  শপতগ্ৰহণ  অনুষ্ঠান সম্পন্ন ৷


কোকৰাঝাৰ, ০৯ অক্টোবৰ (হি.স.): কোকৰাঝাৰৰ বডোফা নগৰৰ বিটিচি বিধান পৰিষদীয় ভৱনত ৪০ গৰাকী পাৰিষদৰ ভিতৰত ৩৭ গৰাকী পাৰিষদে আজি আনুষ্ঠানিকভাৱে পাৰিষদ হিচাপে শপত লয় । বৃহস্পতিবাৰে পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছিল শপত গ্ৰহণ অনুষ্ঠান । হাগ্ৰামা মহিলাৰী, ৰিহণ দৈমাৰী, ৰবিৰাম নাৰ্জাৰী, দাওবাইছা বড়ো, লৌমশ্ৰাও দৈমাৰী, ধীৰাজ বৰগয়াৰী, দিগন্ত বৰুৱা সহ বিপিএফ, ইউপিপিএল আৰু বিজেপিৰ ৩৭ গৰাকী পাৰিষদে নিজৰ শপত লয় ৷বিটিচি বিধান পৰিষদৰ প্ৰটেম' অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে নৱ নিৰ্বাচিত পাৰিষদসকলক শপত বাক্য পাঠ কৰায় ।

উল্লেখ্য যে আজি ১৫ জনে বড়োত, ১৪ ইংৰাজীত আৰু ৭ জন পাৰিষদে অসমীয়াত শপত লয় ৷ আনহাতে ইউপিপিএলৰ সভাপতি তথা পাৰিষদ প্ৰমোদ বড়ো, ৰাকেশ ব্ৰহ্ম আৰু বিজেপিৰ পাৰিষদ ৰেখাৰাণী দাস বড়ো ব্যক্তিগত কাৰণবশতঃ আজি শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত নাছিল৷ আনহাতে আজি দুপৰীয়া ১২ -৪৫ বজাত বিটিচি বিধান পৰিষদীয় ভৱনৰ অধ্যক্ষ আৰু উপাধ্যক্ষ বাছনি কৰা হ'ব ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande