কোকৰাঝাৰ, ০৯ অক্টোবৰ (হি.স.)। আজি শপত গ্ৰহন বিটিচিৰ চল্লিশটা পৰিষদীয় সমষ্টিৰ শাসক-বিৰোধী ৩৭ গৰাকী পাৰিষদে৷ অনুপস্থিত তিনি গৰাকী পাৰিষদ৷ ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ হোৱা শপত গ্ৰহণ কাৰ্য্যসূচী বিটিচি বিধান পৰিষদৰ সচিৱ অমৰেন্দ্ৰ ডেকাৰ অনুমোদন ক্ৰমে পৰিচালনা কৰে প্ৰ’টেম স্পীকাৰ ত্ৰিদীপ দৈমাৰীয়ে৷ প্ৰথমে শপত গ্ৰহণ লয় বিটিচি প্ৰধান তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে৷
ইয়াৰ পিচতে শপত গ্ৰহণ লয় উপ-মুখ্য কাৰ্য্যৱাহী ৰিহন দৈমাৰীয়ে৷ কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত বিটিচি পৰিষদীয় বিধানসভা ভৱনত বিটিচিৰ প্ৰটেম স্পীকাৰ ত্ৰিদীপ দৈমাৰীয়ে শপত গ্ৰহণ কৰায় আটাই কেই গৰাকী পাৰিষদক৷ শপত গ্ৰহণত অনুপস্থিত বিটিআৰৰ প্ৰাক্তন মুখ্য কাৰ্য্যৱাহী তথা ইউপিপিএলৰ সভাপতি আৰু পাৰিষদ প্ৰমোদ বড়ো ,পাৰিষদ ৰাকেশ ব্ৰহ্ম আৰু ৰেখা ৰাণী দাস বড়ো৷
আজিৰ শপত গ্ৰহণ উপলক্ষে সজাই-পৰাই তোলা হয় বিটিচি সচিবালয়ৰ লগতে বিটিচি পৰিষদীয় বিধানসভা ভৱন৷ উল্লেখ্য যে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ আঠাইশ গৰাকী,প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলৰ পাঁচ গৰাকী আৰু বিজেপি দলৰ পাঁচ গৰাকী পাৰিষদে আজি শপত গ্ৰহণ লয় আৰু তেৰ অক্টোবৰত কাৰ্য্যৱাহী সদস্য সকলক শাসকীয় দলে বাছনি কৰাৰ সম্ভাৱনা আছে৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা