ছিপাঝাৰৰ বিজুলীবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, বাইক আৰোহী নিহত
দৰং, ০৮ অক্টোবৰ (হি.স.)। ছিপাঝাৰৰ বিজুলীবাৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা অনুসৰি হাইদ্ৰা বাহনৰ খুন্দাত থিতাতে নিহত হয় এজন মটৰ চাইকেল আৰোহী। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনাটি। বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই নিহত যুৱক জনৰ পৰ
ছিপাঝাৰৰ বিজুলীবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, বাইক আৰোহী নিহত


দৰং, ০৮ অক্টোবৰ (হি.স.)। ছিপাঝাৰৰ বিজুলীবাৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা অনুসৰি হাইদ্ৰা বাহনৰ খুন্দাত থিতাতে নিহত হয় এজন মটৰ চাইকেল আৰোহী।

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনাটি। বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই নিহত যুৱক জনৰ পৰিচয়। ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত দুৰ্ঘটনাক লৈ অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আনহাতে দুৰ্ঘটনা সংঘটিত কৰি দুৰ্ঘটনা সংঘটিত কৰা বাহনখনে সেই ঠাইৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ঘটনাৰ খবৰ লাভ কৰি ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ নিহত যুৱকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীয়ে লগতে যুৱকজনৰ পৰিচয় লাভৰ বাবেও তদন্ত অব্যাহত ৰাখিছে। যুৱকজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছা পৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande