কাছাড়ৰ কাটিগড়াত ২ টা মৃতদেহ উদ্ধাৰ
কাছাৰ, ০৮ অক্টোবৰ (হি.স.)। কাছাড়ৰ কাটিগড়াত ২ টা মৃতদেহ উদ্ধাৰ। প্রথমটো মৃতদেহ কাটিগড়াৰ বালিৰবন্দত বৰাক নৈৰ পৰা উদ্ধাৰ কৰিছে কাটিগড়া আৰক্ষীয়ে। লোকজনৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই। আনটো মৃতদেহ উদ্ধাৰ হৈছে ৬ নং ৰাষ্ট্রীয় ঘাইপথৰ কালাইনছৰাত। ৰাস্তাৰ
কাছাড়ৰ কাটিগড়াত ২ টা মৃতদেহ উদ্ধাৰ


কাছাৰ, ০৮ অক্টোবৰ (হি.স.)। কাছাড়ৰ কাটিগড়াত ২ টা মৃতদেহ উদ্ধাৰ। প্রথমটো মৃতদেহ কাটিগড়াৰ বালিৰবন্দত বৰাক নৈৰ পৰা উদ্ধাৰ কৰিছে কাটিগড়া আৰক্ষীয়ে। লোকজনৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই।

আনটো মৃতদেহ উদ্ধাৰ হৈছে ৬ নং ৰাষ্ট্রীয় ঘাইপথৰ কালাইনছৰাত। ৰাস্তাৰ কাষত মৃতদেহ প্রত্যক্ষ কৰি গুমৰা আৰক্ষীক খবৰ দিয়ে স্থানীয় লোকে।পিচে আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। কালাইনছৰাত উদ্ধাৰ হোৱা যুবকজন মেঘালয়ৰ উমকিয়াংৰ বাছিন্দা বুলি জানিব পৰা গৈছে।নাম দাওয়ান শাইলা। কী কাৰণত যুবকজন ইয়াত আহিছিল। যুবক জনক হত্যা কৰি পেলোৱা হৈছে না আন কোন বা ঘটনা আছে এয়া এতিয়াও ৰহস্যৰ আৰত। আৰক্ষীয়ে দুয়োটা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পাতালত প্রেৰণ কৰি এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande