জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ
সাত দিনীয়া এছ আই টি ৰি জিম্মাত ডি এছ পি সন্দীপন গাৰ্গ গুৱাহাটী,০৮ অক্টোবৰ (হি.স.)। জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ ২০ দিন পিছত সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰে এছ আই টিয়ে। সন্দেহজনক পৰিস্থিতিত ছিংগ
জুবিন গাৰ্গৰ মৃত্য়ুৰ সন্দৰ্ভত এছ আই টি য়ে গ্ৰেপ্তাৰ কৰা পাঁচ অভিযুক্ত


সাত দিনীয়া এছ আই টি ৰি জিম্মাত ডি এছ পি সন্দীপন গাৰ্গ

গুৱাহাটী,০৮ অক্টোবৰ (হি.স.)। জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ ২০ দিন পিছত সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰে এছ আই টিয়ে।

সন্দেহজনক পৰিস্থিতিত ছিংগাপুৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত গঠিত বিশেষ তদন্তকাৰী দলে সোধা-পোছা কৰি গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক তথা জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ সন্দীপন গাৰ্গক।

সোধা-পোছাৰ বাবে চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ কিছু মিনিটৰ পিছতে সন্দীপনক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ পাছতে তেওঁক কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় আৰু অধিক জেৰাৰ বাবে তেওঁক ৭ দিনৰ বাবে এছ আই টিৰ জিম্মালৈ প্ৰেৰণ কৰা হয়।

জুবিনৰ মৃত্যুৰ ঘটনাৰ সময়ত ছিংগাপুৰত নাওখনতে উপস্থিত আছিল প্ৰয়াত গায়কজনৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ। চলিত সপ্তাহৰ আৰম্ভণিতে এছ আই টিয়ে জেৰা কৰাসকলৰ ভিতৰত তেওঁও আছিল। তেওঁৰ অফিচিয়েল ফেচবুক পেজত দিয়া এটা পোষ্ট অনুসৰি, দীঘলীয়া জেৰাৰ অন্তত গাৰ্গে কয় যে, “মই এছ আই টিৰ সৈতে সম্পূৰ্ণ সহযোগিতা কৰিছো।”

সন্দীপন গাৰ্গৰ গ্ৰেপ্তাৰৰ কাৰণ আৰু জিম্মাত লোৱা কাৰণ সমূহ--

জুবিন আৰু সন্দীপন দুয়ো পান পেচিফিক হোটেলত একেলগে আছিল। সেয়েই সোধপোচ কৰিব। তদুপৰি জুবিনৰ স্বাস্থ্যৰ বিষয়ে সম্পূৰ্ণ জ্ঞাত অছিল সন্দীপন। সেয়েই দৰৱ পাতি সেৱনৰ বিষয়ে সোধপোচ কৰিব। তদুপৰি লাষ্ট শ্বিন টুগেডাৰৰ নীতিৰ ভিত্তিত গ্ৰেপ্তাৰৰ প্ৰয়োজন। একক ভাবে আৰু অন্য অভিযুক্তৰ সৈতে জেৰাৰ আৱশ্যক, সেয়েই জিম্মাত লোৱা হৈছে। ইয়াৰ উপৰি সন্দীপনৰ ঘৰত বিভিন্ন তথ্য-পত্ৰ তালাচী চলোৱাৰ অনুমতি বিচৰা হৈছে । যিহেতু সন্দীপন জুবিনৰ ভাতৃ সেয়েই বহু বিষয়ত জেৰা কৰিব লগা আছে বুলি এছ আই টিয়ে আদালতক অৱগত কৰিছে।

উল্লেখযোগ্য যে অসমৰ পৰা যাওঁতে জুবিনৰ সৈতে একেলগে গৈছিল সন্দীপন। এই ক্ষেত্ৰত বিভিন্ন সোধপোচ কৰিব বুলিও আদালতক অৱগত কৰে।

এই সকলো দিশ চাই আদালতে সন্দীপনক সাতদিনৰ বাবে এছ আই টিৰ জিম্মাত প্ৰদান কৰে। লগতে এজন আৰক্ষী বিষয়া হিচাপে সাক্ষীক প্ৰভাৱিত কৰিব পাৰে সেয়েই জিম্মাত ৰখাৰ প্ৰয়োজন আৰু এইবোৰ কাৰণতে সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰা হয় বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত ভাতৃ সন্দীপন গাৰ্গকে ধৰি মুঠ পাঁচজন লোকক অদ্যপি গ্ৰেপ্তাৰ কৰিছে এছ আই টিয়ে। ইতিপূৰ্বে গ্ৰেপ্তাৰ হৈছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেষৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande