কামৰূপ, ১০ অক্টোবৰ (হি.স.)। কামৰূপ জিলাৰ প্ৰথমটো মেগা স্বাস্থ্য শিবিৰ আজি ৰঙিয়া বিধান সভা সমষ্টিৰ কমলপুৰত অনুষ্ঠিত হয়। ৰঙিয়া বিধান সভা সমষ্টিৰ আঠগাঁও বীণাপানি হাইস্কুলত অনুষ্ঠিত হয় এই মেগা স্বাস্থ্য শিবিৰটো। শুশ্ৰূষা সেতুৰ অধীনত ১৮ বছৰৰ তলৰ শিক্ষাৰ্থী সকলৰ বাবে আয়োজন কৰা এই শিবিৰত কেবা সহস্ৰাধিক শিক্ষাৰ্থীৰ স্বাস্থ্য পৰীক্ষা কৰা হয়।
মেগা স্বাস্থ্য শিবিৰত এইমছ গুৱাহাটী, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কেবাগৰাকীও অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা প্রদান কৰা হয়। ৰঙিয়া সমষ্টিৰ বিধায়ক ভবেশ কলিতাই ফিটা কাটি আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰা স্বাস্থ্য শিবিৰটোত ৰঙিয়াৰ সম জিলা আয়ুক্ত দেৱাশীষ গোস্বামীও উপস্থিত থাকে। উন্নত চিকিৎসাৰ প্ৰয়োজন হোৱা ছাত্ৰ ছাত্ৰী সকলক বিনামূলীয়া উন্নত চিকিৎসা প্রদান কৰা হ’ব বুলিও উল্লেখ কৰে বিধায়ক ভৱেশ কলিতাই।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা