স্পেইনত ছয় মহলীয়া অট্টালিকা বিধ্বস্থ, এতিয়ালৈকে উদ্ধাৰ হৈছে চাৰিটা মৃতদেহ
মাদ্ৰিদ, ০৮ অক্টোবৰ (হি.স.)। স্পেইনৰ ৰাজধানী মাদ্ৰিদত বুধবাৰে ছয় মহলীয়া অট্টালিকাৰ ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰা হয় চাৰিজন লোকৰ মৃতদেহ। এই দুৰ্ঘটনাত আন তিনিজনো আহত হোৱাৰ খবৰ পোৱা গৈছে। স্পেইনৰ জৰুৰীকালীন সেৱা বিভাগে জনোৱা মতে, মঙলবাৰে মধ্য মাদ্ৰিদত
मैड्रिड में ढही एक इमारत का मलबा


মাদ্ৰিদ, ০৮ অক্টোবৰ (হি.স.)। স্পেইনৰ ৰাজধানী মাদ্ৰিদত বুধবাৰে ছয় মহলীয়া অট্টালিকাৰ ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰা হয় চাৰিজন লোকৰ মৃতদেহ। এই দুৰ্ঘটনাত আন তিনিজনো আহত হোৱাৰ খবৰ পোৱা গৈছে। স্পেইনৰ জৰুৰীকালীন সেৱা বিভাগে জনোৱা মতে, মঙলবাৰে মধ্য মাদ্ৰিদত এটা ছয় মহলীয়া হোটেল ভৱন সংস্কাৰৰ কাম চলি থকাৰ সময়তে ভাঙি পৰাৰ ফলত নিৰ্মাণ শ্ৰমিকসকলক ধ্বংসাৱশেষৰ তলত পুতি থোৱা হয়। ঘটনাৰ ১৫ ঘণ্টাৰ পিছত উদ্ধাৰ হয় চাৰিটা মৃতদেহ। আহত তিনিজনক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়।

ইফালে, মেয়ৰ জোচে লুইছ আলমেইডাই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম “এক্স”ত লিখিছে, “গভীৰ দুখেৰে আমি নিশ্চিত কৰিছো যে মাদ্ৰিদৰ অগ্নিনিৰ্বাপক বাহিনীয়ে অট্টালিকাটো ভাঙি পৰাৰ পিছত নিৰুদ্দেশ হোৱা লোকসকলৰ মৃতদেহ উদ্ধাৰ কৰিছে।” ৩০ৰ পৰা ৫০ বছৰৰ ভিতৰৰ তিনিজন লোক বুলি চিনাক্ত কৰা হৈছে।আটাইকেইজনেই ক্ৰমে ইকুৱেডৰ, মালি আৰু গিনি-ক’নাক্ৰিৰ বাসিন্দা। নিৰ্মাণ স্থানত শ্ৰমিক হিচাপে কাম কৰি আছিল। নিহতসকলৰ ভিতৰত আছে এই প্ৰকল্পৰ বাবে স্থপতিবিদ হিচাপে নিযুক্তি দিয়া ৩০ বছৰীয়া এগৰাকী মহিলা।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande