মাৰাথান দৌৰৰ মাধ্যমৰে দুই যুৱকে বিচাৰিছে জুবিন গাৰ্গৰ ন্যায়
মাৰাথান দৌৰৰ মাধ্যমৰে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে দুই যুৱক।
মাৰাথান দৌৰৰ মাধ্যমৰে দুই যুৱকে বিচাৰিছে জুবিন গাৰ্গৰ ন্যায়


শিৱসাগৰ, ০৮ অক্টোবৰ (হি.স.): জনতাৰ শিল্পী অসমীয়াৰ হিয়াৰ আমঠু, হাৰ্টথ্ৰব সদ্য প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি চৰাইদেউ জিলাৰ অন্তৰ্গত সাপেখাটীৰ পৰা দুজন যুৱকে যোৰহাটলৈ মাৰাথান দৌৰ কাৰ্য্যসূচী হাতত লৈছে । যুৱক দুজনৰ নাম হৈছে বিতোপন গগৈ আৰু বিতু ভুমিজ।

বিতোপন গগৈৰ ঘৰ সাপেখাটীৰ লংপতিয়াত আৰু বিতু ভূমিজৰ ঘৰ সাপেখাটীত। বিতু ভূমিজ এথলেটিক্সৰ এজন ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত খেলুৱৈ হয়। তেওঁলোকে জুবিন গাৰ্গৰ ন্যায় বিচৰি এই মাৰাথান দৌৰ কাৰ্যসূচীত সংগ দিয়ে ৰাতুল মুৰা আৰু ৰাজা বাকটি নামৰ যুৱক দুজনে।

এই ৰাতুল মুৰা আৰু ৰাজা বাকটিয়ে সপেখাটীৰ পৰা যোৰহাটৰলৈকে মটৰ চাইকেলেৰে বিতোপন গগৈ আৰু বিতু ভূমিজক বাটত সহয়াৰ বাবে লগত সংগ দিয়ে । শিৱসাগৰৰ ঐতিহাসিক শিৱদলত যোৱা নিশা দুই যুৱকে সেৱালৈ শিৱসাগৰৰ সামাজিক যুৱক নৱজ্যোতি শইকীয়া আৰু নিলম কাকতিয়ে তেখেত সকলক নিশাৰ আহাৰৰ আৰু থকাৰ ব্যৱস্থা কৰে ।যুৱক দুজনে আজি পুৱাই শিৱসাগৰৰ পৰা যোৰহাটলৈ ৰাওনা হ'য়। অসমীয়া ৰাইজৰ হিয়াৰ আমঠু সদ্য প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত থকা সকলোকে উচিত তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ মাৰাথান দৌৰৰ মাধ্যমৰে এই দুই যুৱকৰ অসম চৰকাৰক আহ্বান জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande