তামুলপুৰত ব্যতিক্ৰমী লক্ষ্মী আৰু মাইনাও পূজা উদযাপন
তামুলপুৰত ব্যতিক্ৰমী লক্ষ্মী আৰু মাইনাও পূজা উদযাপন।
তামুলপুৰত ব্যতিক্ৰমী লক্ষ্মী আৰু মাইনাও পূজা উদযাপন


তামুলপুৰ, ০৮ অক্টোবৰ (হি.স.): ৰাজ্যবাসীয়ে পালন কৰিলে ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা। তামুলপুৰৰ পশ্চিম তামুলপুৰ অঞ্চলত বৰ্ণাঢ্য আয়োজনেৰে উদযাপন কৰা হৈছে ৯ দিনীয়া ৮০ সংখ্যক তেতেলীগুৰি–কালাকুছি বাৰোৱাৰী লক্ষ্মী আৰু মাইনাও পূজা।

এফালে হিন্দু ধৰ্মীয় বিশ্বাসৰ লক্ষ্মী পূজা আৰু আনফালে বড়ো জনগোষ্ঠীৰ ধনৰ অধিষ্ঠাত্ৰী দেৱী মাইনাওৰ ব্যতিক্ৰমী আৰু সমন্বিত ধৰ্মীয়, সাংস্কৃতিক আয়োজন কৰা হৈছে । সোমবাৰৰ পৰা আৰম্ভ হোৱা পূজাৰ আজি তৃতীয়টো দিনত অঞ্চলটোৰ ভক্তসকলে বাথৌ আৰজৰ মাধ্যমেৰে দেৱী মাইনাওক সেৱা জনায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande