লখিমপুৰত জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ, শ্ৰদ্ধাঞ্জলি
লখিমপুৰ, ০৮ অক্টোবৰ (হি.স.)। লখিমপুৰত জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ, শ্ৰদ্ধাঞ্জলি l প্ৰাণৰ শিল্পীগৰাকীয়ে অসমবাসী তথা দেশ বিদেশত থকা তেওঁৰ লাখ লাখ অনুৰাগীক কন্দুৱাই ইহ সংসাৰ ত্যাগ কৰাৰ আজি ২০ দিনেই হৈ গল। কিন্তু এতিয়াও যেন কমা নাই অসমীয়াৰ অশ্ৰুবন
লখিমপুৰত জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ, শ্ৰদ্ধাঞ্জলি::


লখিমপুৰত জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ, শ্ৰদ্ধাঞ্জলি::


লখিমপুৰত জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ, শ্ৰদ্ধাঞ্জলি::


লখিমপুৰ, ০৮ অক্টোবৰ (হি.স.)। লখিমপুৰত জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ, শ্ৰদ্ধাঞ্জলি l প্ৰাণৰ শিল্পীগৰাকীয়ে অসমবাসী তথা দেশ বিদেশত থকা তেওঁৰ লাখ লাখ অনুৰাগীক কন্দুৱাই ইহ সংসাৰ ত্যাগ কৰাৰ আজি ২০ দিনেই হৈ গল। কিন্তু এতিয়াও যেন কমা নাই অসমীয়াৰ অশ্ৰুবন্যা।

প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাই বাটে পথে, অফিচ কাচাৰীয়ে এতিয়াও উচুপি উঠিছে সকলোৱে। সকলোৰে মোবাইলত মাত্ৰ জুবিনৰ ফটো, জুবিনৰ গান, তথা তেওঁৰ এটা ইন্টাৰভিউ। এনেদৰেই যেন সকলোৱে নিজকে প্ৰাণৰ শিল্পীগৰাকীৰ সৃষ্টিৰাজিত বিলীন কৰি জীয়াই থকাৰ চেষ্টা চলাইছে। সমান্তৰালভাৱে ৰাজ্যজুৰি অব্যাহত আছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো।

লখিমপুৰৰ উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিশাল ৰাভা মণ্ডপত নাম কীৰ্তনেৰে প্ৰাণৰ শিলপী জনালৈ হাজাৰ হাজাৰ লোকৰ শ্ৰদ্ধাঞ্জলি। লখিমপুৰবাসীৰ সহযোগত এই অনুষ্ঠান অনুষ্ঠিত কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande