১৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব চীন-মালয়েছিয়াৰ যুটীয়া সামৰিক অনুশীলন
বেইজিং, ০৮ অক্টোবৰ (হি.স.)। চীন আৰু মালয়েছিয়াৰ সেনাই ১৫ অক্টোবৰৰ পৰা ২৩ অক্টোবৰলৈ মালয়েছিয়াৰ উপকূলত যৌথ সামৰিক অনুশীলনত অংশগ্ৰহণ কৰিব। চীনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে বুধবাৰে এক বিবৃতিত শান্তি আৰু বন্ধুত্ব-২০২৫ শীৰ্ষক সামৰিক অনুশীলনৰ ষষ্ঠ সংস্কৰণৰ
चीन-मलेशियाई सेनाओ का संयुक्त अभ्यास


বেইজিং, ০৮ অক্টোবৰ (হি.স.)। চীন আৰু মালয়েছিয়াৰ সেনাই ১৫ অক্টোবৰৰ পৰা ২৩ অক্টোবৰলৈ মালয়েছিয়াৰ উপকূলত যৌথ সামৰিক অনুশীলনত অংশগ্ৰহণ কৰিব।

চীনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে বুধবাৰে এক বিবৃতিত শান্তি আৰু বন্ধুত্ব-২০২৫ শীৰ্ষক সামৰিক অনুশীলনৰ ষষ্ঠ সংস্কৰণৰ কথা ঘোষণা কৰে। বিবৃতিটোত কোৱা হৈছে যে এই যৌথ সামৰিক অনুশীলনে দক্ষিণ চীন সাগৰত শান্তি আৰু স্থিতিশীলতা বজাই ৰখাত অৰিহণা যোগাব।

ইফালে, বুধবাৰে চীনৰ সৈন্যই সামৰিক অনুশীলনত অংশগ্ৰহণৰ বাবে ঝানজিয়াং, ছানয়া, হংকঙৰ সামৰিক বন্দৰৰ পৰা জাহাজেৰে মালয়েছিয়া অভিমুখে ৰাওনা হয়।

বিবৃতি অনুসৰি, চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মী (পিএলএ) চাউদাৰ্ণ কমাণ্ড, নৌসেনা, বায়ুসেনা, হংকং গেৰিছন, আৰু যৌথ লজিষ্টিক সহায়ক বাহিনীৰ ৭০০ৰো অধিক চীনা সৈন্যই সামৰিক অনুশীলনত অংশগ্ৰহণ কৰিব।

এই অনুশীলনৰ সময়ত দুয়োপক্ষই মুঠ ১০০০ৰো অধিক জোৱান নিয়োগ কৰিব, লগতে ৫০০ৰো অধিক বাহন আৰু বিভিন্ন ধৰণৰ সঁজুলিও নিয়োগ কৰিব। ইয়াৰ ভিতৰত যান-বাহন, বিমান, হেলিকপ্টাৰ, মানৱবিহীন ব্যৱস্থা, বিভিন্ন ধৰণৰ অস্ত্ৰ-শস্ত্ৰ আদি অন্তৰ্ভুক্ত। এছ’চিয়েশ্যন অৱ চাউথ ইষ্ট এছিয়ান নেশ্যনছ (আছিয়ান)ৰ সদস্য দেশসমূহক পৰ্যবেক্ষক হিচাপে আমন্ত্ৰণ জনোৱা হৈছে।

চীন আৰু দক্ষিণ-পূব এছিয়াৰ সামৰিক বাহিনীৰ মাজত ব্যৱহাৰিক সহযোগিতা শক্তিশালী কৰা, অগতানুগতিক নিৰাপত্তাজনিত ভাবুকিৰ সৈতে যৌথভাৱে মোকাবিলা কৰাৰ ক্ষমতা বৃদ্ধি কৰা, আৰু আঞ্চলিক শান্তি আৰু স্থিতিশীলতা বজাই ৰখাৰ লক্ষ্যৰে এই যৌথ সামৰিক অনুশীলন ষষ্ঠটো।

প্ৰথম শান্তি আৰু বন্ধুত্বৰ যৌথ অনুশীলন ২০১৫ চনত অনুষ্ঠিত হৈছিল আৰু তৃতীয়, চতুৰ্থ আৰু পঞ্চম সংস্কৰণ ক্ৰমে ২০১৬, ২০১৮ আৰু ২০২৩ চনত অনুষ্ঠিত হৈছিল।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande