কোকৰাঝাৰ, ০৮ অক্টোবৰ (হি.স.): উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ হঠকাৰী সিদ্ধান্তই বিপাঙত পেলাইছে হাজাৰ-হাজাৰ ৰে’লযাত্ৰীক ৷ বিগত কেইদিনৰ বৰষুণত উত্তৰ বংগত ৰেলৱে ট্ৰেকৰ ক্ষতি সাধন হোৱাৰ পৰিপ্ৰেক্ষিতত বঙাইগাঁও-নিউ জলপাইগুড়ি একমাত্ৰ এক্সপ্ৰেছ ৰে’লখন বাতিল কৰা বুলি জানিব পৰা গৈছে ৷ কোনো ধৰণৰ আগতীয়া জাননী জাৰি নকৰাকৈ উত্তৰ-পূৱ সীমান্ত ৰেলৱেই আলিপুৰ দুৱাৰ ডিভিজনৰ অধীনত চলাচল কৰা ১৫৭০৩/১৫৭০৪ নম্বৰৰ বঙাইগাঁও-নিউ জলপাইগুড়ি বিশেষ এক্সপ্ৰেছ ৰে’লখন বাতিল কৰাত যাত্ৰী সকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷
এই সন্দৰ্ভত নামনি অসমৰ বঙাইগাঁৱৰ পৰা চুবুৰীয়া ৰাজ্য পশ্চিম বংগ আৰু অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰলৈকে যাতায়ত কৰা দৈনিক যাত্ৰী সকলৰ উপৰি সাধাৰণ যাত্ৰী সকলৰ নগুৰনাকতি আৰম্ভ হৈছে ৷ বিশেষকৈ বঙাইগাঁও আৰু শ্ৰীৰামপুৰ লৈকে ৰাতিপুৱাৰ ভাগত নামনিমুৱা আৰু বিয়লি ভাগত উজনিমুৱা কোনো এখন ৰে’ল নথকাত সৰ্বসাধাৰণ ৰাইজে সমস্যাৰ সন্মুখীন হৈছে৷ কিন্তু একে সময়তে দুয়ো ৰাজ্যৰ উপৰি অন্যান্য ৰাজ্যলৈ চলাচল কৰা আন-আন দ্ৰুতবেগী ৰে’ল সমূহ চলাচলৰ ব্যৱস্থা কৰিছে যদিও একমাত্ৰ ব্যতিক্ৰম এইখন যাত্ৰীবাহী ৰে’ল৷
ৰাইজৰ অভিযোগ মতে বিভিন্ন সময়ত ৰেলৱে ট্ৰেকত যি কোনো সমস্যা বা অন্যান্য কাৰণত ৰে’লৰ যাত্ৰাপথ কিছু সলনি কৰি হলেও ৰে’ল সমুহ চলাচলৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ কিন্তু সদায়ে বঙাইগাঁও আৰু নিউ জলপাইগুড়িলৈকে চলাচল কৰা একমাত্ৰ যাত্ৰীবাহী ৰে’লখন ৰে’ল বিভাগে বাতিল কৰি আহিছে ৷ মনকৰিবলগীয়া যে, বঙাইগাঁৱৰ পৰা শ্ৰীৰামপুৰলৈকে যাতায়ত কৰিবলৈ এখন বিকল্প ৰে’লৰ সুবিধাৰ পৰা বঞ্চিত নামনি অসমৰ যাত্ৰী সকলৰ প্ৰতি সদায়ে আওকাণ কৰি অহা অভিযোগ দীৰ্ঘদিনৰ ৷ কিন্তু তাৰ পিছতো উত্তৰ-পূৱ সীমান্ত ৰেলৱেই বিভিন্ন অজুহাততে একমাত্ৰ যাত্ৰীবাহী ৰে’লখনৰ চলাচল বাতিল কৰি হাৰাশাস্তি কৰি আহিছে৷ পুৰ্বৰ দৰেই কালিৰ পৰা বাতিল কৰা এইখন যাত্ৰীবাহী ৰে’ল ৰাইজৰ সুবিধাৰ্থে বঙাইগাঁৱৰ পৰা আলিপুৰ দুৱাৰলৈকে চলাচল কৰাবলৈ ৰাইজে ৰেলৱে বিভাগৰ ওচৰত দাবী জনাইছে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ