ডিব্ৰুগড়, ০৮ অক্টোবৰ (হি.স.): ডিব্ৰুগড কাছাৰী ঘাটত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া অব্যাহত আছে। প্ৰায় ৩০ মিনিটৰ ভিতৰতে ব্ৰহ্মপুত্ৰৰ জাহ গৈছে প্ৰায় ৪০ মিটাৰতকৈ অধিক অংশ গৰা । এই খহনীয়াৰ ফলত সংকটৰ গৰাহত পৰিছে ডিব্ৰুগড়ৰ মুখ্য সুৰক্ষা বান্ধ। যোৱা কালি মঙ্গলবাৰে বিয়লি সথাত হোৱা এই খহনীয়াই কিংকৰ্তব্য বিমূৰ কৰি তোলে সকলোকে।
ডিব্ৰুগড কাছাৰী ঘাটত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়াই প্ৰশাসনৰ মাজতো লৰা ঢপৰাৰ সৃষ্টি কৰে । ঢাপলিয়াই আহে মন্ত্ৰী প্ৰসান্ত ফুকন। যুদ্ধ কালীন তৎপৰতাৰে জীঅ' বেগ পেলাই খহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰে।খহনীয়াত সেই স্হানত থকা এটা যোগা কেন্দ্ৰ নৈত সম্পূৰ্ণ জাহ যোৱাৰ লগতে জলসম্পদ বিভাগে সেই স্হানত মজুত কৰি ৰখা বহু পৰিমাণে জীঅ' বেগ, পাৰ্কোপাইন আদি নৈৰ সোতত উটি যায়। খহনীয়াৰ এই ৰুদ্ৰ ৰূপে ডিব্ৰুগড় চহৰ খনৰ প্ৰতি ব্যাপক ভাবুকি কঢ়িয়াই আনিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ