বিশ্বনাথ সমষ্টিৰ চতিয়াত গৰাখহনীয়াৰ ভয়াবহ ৰূপ, বিশ্বনাথঘাট - পানপুৰ মথাউৰিলৈ প্ৰচণ্ড ভাবুকি
বিগত তিনি দশকত ব্ৰহ্মপুত্ৰই গ্ৰাস কৰিলে কেইবাখনো জনপূৰ্ণ গাঁও বিশ্বনাথ, ০৮ অক্টোবৰ (হি.স.)। চতিয়া আৰু জামুগুৰিহাটৰ প্ৰাকৃতিক সুৰক্ষাৰ স্বাৰ্থত স্বাধীন ভাৰতৰ চৰকাৰে ১৯৫৫ চনতে বিশ্বনাথ ঘাটৰ পৰা পানপুৰ পৰ্যন্ত এটা বৃহৎ মথাউৰি বান্ধি ব্ৰহ্মপুত্ৰৰ উত্ত
বিশ্বনাথ সমষ্টিৰ চতিয়াত গৰাখহনীয়াৰ ভয়াবহ ৰূপ, বিশ্বনাথঘাট - পানপুৰ মথাউৰিলৈ প্ৰচণ্ড ভাবুকি


বিগত তিনি দশকত ব্ৰহ্মপুত্ৰই গ্ৰাস কৰিলে কেইবাখনো জনপূৰ্ণ গাঁও

বিশ্বনাথ, ০৮ অক্টোবৰ (হি.স.)। চতিয়া আৰু জামুগুৰিহাটৰ প্ৰাকৃতিক সুৰক্ষাৰ স্বাৰ্থত স্বাধীন ভাৰতৰ চৰকাৰে ১৯৫৫ চনতে বিশ্বনাথ ঘাটৰ পৰা পানপুৰ পৰ্যন্ত এটা বৃহৎ মথাউৰি বান্ধি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ চতিয়া গাঁওবাসীক সুৰক্ষা প্ৰদান কৰিছিল। এটা সময়ত ব্ৰহ্মপুত্ৰ নদী বৰ্তমানৰ ঠাইৰ কেইবা কিলোমিটাৰ দক্ষিণ দিশেৰে প্ৰবাহিত হৈছিল আৰু উক্ত মথাউৰিটোৰ বাবেই বিশ্বনাথ সমষ্টিৰ চতিয়া অঞ্চলৰ জনসাধাৰণ নিচিন্ত মনে থাকিব পাৰিছিল।

কিন্তু বছৰে বছৰে সংঘটিত খহনীয়াই ব্ৰহ্মপুত্ৰ নদীক ক্ৰমে উত্তৰ দিশে বোৱাই আনি একো একোখন গাঁৱক বুকুত সামৰি ল'লে। নদী যিমানেই উত্তৰ দিশে আগবাঢ়ি আহিল, মথাউৰিটোও সিমানেই উত্তৰ দিশলৈ আগবাঢ়ি আহিল।যোৱা কেইদিনমানৰ পৰা বিশ্বনাথ বিধান সভা সমষ্টিৰ অন্তৰ্গত চতিয়াৰ দক্ষিণ অঞ্চলৰ কলাকাটী আৰু শিঙিমাৰী গাঁৱত গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি আছে এই বিষয়ে স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰ তথা বিভাগীয় বিষয়া কৰ্মচাৰীয়ে খহনীয়াৰ পৰা মথাউৰি ৰক্ষা কৰাৰ ক্ষেত্ৰত যিদৰে সষ্টম হ'ব লাগিছিল, কাৰ্যতঃ তেনে হোৱা দেখা নাই। নৈপৰীয়া ৰাইজ তথা আমছুয়ে অতি শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় বিষয়া কৰ্মচাৰী আৰু চৰকাৰক দাবী জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande