ধুপগুৰিত বানাক্ৰান্তা ৰাইজৰ ত্ৰাণকৰ্তাৰ ৰূপত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বেচ্ছাসেৱক, ৩৫০ জন বানাক্ৰান্তলৈ খাদ্য যোগান
ধুপগুৰি (উত্তৰ বংগ), ০৮ অক্টোবৰ (হি.স.)। অবিৰত বৰষুণ আৰু উফন্দি উঠা নদীৰ ফলত হোৱা বানপানীৰ বাবে উত্তৰ বংগৰ বিভিন্ন প্ৰান্তত স্বাভাৱিক জীৱন ব্যাহত হৈ পৰিছে। বহু গাঁৱৰ লোকে সাহায্য শিবিৰত আশ্ৰয় ল’বলৈ বাধ্য হৈছে। এই কঠিন সময়ত ধূপগুৰি চহৰৰ ৰাষ্ট্ৰীয়
उत्तरबंग सेवा भारती के माध्यम से धूपगुड़ी में बाढ़ पीड़ितों को भोजन व राहत सामग्री वितरित


सेवा भारती द्वारा पीड़ितों को भोजन व राहत सामग्री वितरित


उत्तरबंग सेवा भारती


ধুপগুৰি (উত্তৰ বংগ), ০৮ অক্টোবৰ (হি.স.)। অবিৰত বৰষুণ আৰু উফন্দি উঠা নদীৰ ফলত হোৱা বানপানীৰ বাবে উত্তৰ বংগৰ বিভিন্ন প্ৰান্তত স্বাভাৱিক জীৱন ব্যাহত হৈ পৰিছে। বহু গাঁৱৰ লোকে সাহায্য শিবিৰত আশ্ৰয় ল’বলৈ বাধ্য হৈছে। এই কঠিন সময়ত ধূপগুৰি চহৰৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বেচ্ছাসেৱকসকলে সক্ৰিয়ভাৱে সাহায্যৰ কামত নিয়োজিত হৈ আছে।

দেওবাৰে গভীৰ নিশা উত্তৰবাংগ সেৱা ভাৰতীৰ তত্বাৱধানত আৰ এছ এছৰ স্বেচ্ছাসেৱকসকলে ধূপগুৰি অঞ্চলৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি ৩৫০ জনৰো অধিক অসহায় আৰু দুখীয়া লোকক ৰাতিৰ আহাৰ যোগান ধৰে। স্বেচ্ছাসেৱকসকলে ব্যক্তিগতভাৱে আৰ্তজনৰ পৰিয়াললৈ খাদ্যৰ পেকেট আৰু খোৱাপানী যোগান ধৰে।

স্থানীয় সেৱা ভাৰতীৰ কৰ্মীসকলে জনোৱা মতে, বানপানীৰ ফলত বহু অঞ্চলত ঘৰ এৰি আঁতৰি যাবলগীয়া হৈছে। এই সংকটৰ সময়ত আৰ এছ এছৰ স্বেচ্ছাসেৱকসকলে দিনে নিশাই সেৱাৰ কামত নিয়োজিত হৈ আছে। কেৱল খাদ্য বিতৰণ কৰাই নহয়, সাহায্য শিবিৰত থকা শিশুসকলৰ বাবে অনাময় ব্যৱস্থা, চিকিৎসা সাহায্য, অত্যাৱশ্যকীয় সামগ্ৰীও যোগান ধৰিছে।

আৰ এছ এছৰ এজন জ্যেষ্ঠ কৰ্মীয়ে কয় যে, সেৱাই হৈছে সংস্থাটোৰ মূল নীতি। সমাজ সংকটত পৰিলে প্ৰতিজন আৰ এছ এছ স্বেচ্ছাসেৱকে মানৱতাৰ সেৱাত নিজৰ কৰ্তব্য পালন কৰিবলৈ আগবাঢ়ি যায়। তেওঁ লগতে কয় যে অনাগত দিনত সেৱা ভাৰতীয়ে ঔষধ বিতৰণ, কাপোৰ-কানি, আৰু অনাময় অভিযানও চলাব যাতে কোনো ক্ষতিগ্ৰস্ত পৰিয়ালে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। স্থানীয় প্ৰশাসনেও স্বেচ্ছাসেৱকসকলৰ তৎপৰতা আৰু অনুশাসনক প্ৰশংসা কৰিছে। বানপীড়িত অঞ্চলত স্বেচ্ছাসেৱকসকলৰ এই কামে ৰাইজৰ মাজত আশা আৰু আত্মবিশ্বাস জগাই তুলিছে।

সেৱা ভাৰতীৰ আহ্বায়কগৰাকীয়ে কয়, আমি সকলোৱে মিলি আৰ্ত জনৰ সেৱা কৰিব লাগিব যাতে কোনোৱে ভোকত নপৰে। এই সংকটৰ সময়ত সমাজৰ সকলো শ্ৰেণীয়ে একত্ৰিত হৈ মানৱতাৰ সেৱা কৰিব লাগিব। ধুপগুৰি, আলিপুৰদুৱাৰ, আৰু জলপাইগুৰি জিলাৰ কেইবাটাও অঞ্চলত আৰ এছ এছ আৰু সেৱা ভাৰতীৰ যৌথ প্ৰচেষ্টাৰ জৰিয়তে সাহায্যৰ কাম অব্যাহত আছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande