যোগীঘোপাত ডি জি জি আই ৰ অভিযান
বঙাইগাঁও, ০৮ অক্টোবৰ (হি.স.)। যোগীঘোপাত ডাইৰেক্টৰ জেনেৰেল অৱ জিএছটি ইনটেলিজেন্স (ডি জি জি আই)ৰ অভিযান া। যোগীঘোপাত বৃহৎ ব্যৱসায়ী প্ৰতিষ্ঠানৰ বিৰুদ্ধে চলে এই অভিযান। যোগীঘোপাৰ ভাই- ভাই ষ্টিলচ্ নামৰ সংস্থাটোত অভিযান চলা ডি জি জি আই এ। জানিবলৈ পে
যোগীঘোপাত ডি জি জি আই ৰ অভিযান


বঙাইগাঁও, ০৮ অক্টোবৰ (হি.স.)। যোগীঘোপাত ডাইৰেক্টৰ জেনেৰেল অৱ জিএছটি ইনটেলিজেন্স (ডি জি জি আই)ৰ অভিযান া।

যোগীঘোপাত বৃহৎ ব্যৱসায়ী প্ৰতিষ্ঠানৰ বিৰুদ্ধে চলে এই অভিযান।

যোগীঘোপাৰ ভাই- ভাই ষ্টিলচ্ নামৰ সংস্থাটোত অভিযান চলা ডি জি জি আই এ। জানিবলৈ পোৱা অনুসৰি জি এছ টি ফাকি সন্দৰ্ভত নথি- পত্ৰ পৰীক্ষা কৰাৰ বাবে এই অভিযান চলোৱা হয়।

মঙ্গলবাৰে দুপৰীয়াৰ পৰা মাজ নিশা পৰ্যন্ত অভিযান চলোৱা হয়। কেইবা কোটি টকা কৰ ফাঁকি দিয়াৰ অভিযোগ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে।

১২ ঘন্টাকৈ অধিক সময় অভিযান চলায় সংস্থাটোৱে। অভিযান কালত কোনো তথ্য সংবাদ মাধ্যমৰ আগত প্ৰকাশ নকৰিলে বিষয়া সকলে।

ডিজিজিআই ৰ অধীক্ষক সুৰজিৎ গগৈৰ নেতৃত্বত চলিছিল এই অভিযান।

৩০- ৩৫ জনীয়া দলে চলাই এই অভিযান।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande