ইতিহাসত ৯ অক্টোবৰৰ দিনটো ১৫ বছৰীয়া মালালা ইউছুফজাইক তালিবানৰ মাৰাত্মক আক্ৰমণৰ দিন হিচাপে খোদিত হৈ আছে । পাকিস্তানত ছোৱালীৰ শিক্ষাৰ অধিকাৰৰ পোষকতা কৰা মালালাক লক্ষ্য কৰি লোৱা হৈছিল।
স্কুলৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত তালিবানে মালালাৰ মূৰত গুলী মাৰি হত্যাৰ চেষ্টা চলাইছিল। অৱশ্যে মালালাৰ সাহস অদম্য হৈ থাকিল। ব্ৰিটেইনত দীৰ্ঘদিনীয়া চিকিৎসাৰ অন্তত মালালা সম্পূৰ্ণ সুস্থ হৈ পুনৰ কাম আৰম্ভ কৰে।
মালালা ইউছুফজাই হৈছে আটাইতকৈ কম বয়সীয়া নোবেল বঁটা বিজয়ী, এগৰাকী শিক্ষাবিদ আৰু মানৱ অধিকাৰ কৰ্মী। তেওঁ সন্ত্ৰাসবাদীৰ সন্তানৰ বাবে শিক্ষাৰ পোষকতা কৰে, যাতে তেওঁলোকে শিক্ষা আৰু শান্তিৰ গুৰুত্ব বুজিব পাৰে। ৯ অক্টোবৰৰ দিনটো মালালাৰ শিক্ষা আৰু সাহসৰ বাবে অদম্য সংগ্ৰামৰ প্ৰতীক হৈ পৰিছে।
গুৰুত্বপূৰ্ণ পৰিঘটনা-
১৮৭১ – চিকাগো অগ্নিকাণ্ডৰ বৰ্ষপূৰ্তি উপলক্ষে আমেৰিকাত ৰাষ্ট্ৰীয় অগ্নি নিবাৰণ দিৱস পালন কৰা হয়।
১৮৭৪ - ছুইজাৰলেণ্ডৰ বাৰ্নত বিশ্বজুৰি একেধৰণৰ ডাক ব্যৱস্থা ৰূপায়ণৰ লক্ষ্যৰে ইউনিভাৰ্চেল ডাক সংঘ প্ৰতিষ্ঠা কৰা হয়।
১৮৭৬ - প্ৰথমবাৰৰ বাবে আউট অৱ দ্য বক্স তাঁৰৰ জৰিয়তে দুমুখীয়া যোগাযোগ হয়।
১৯৪৯ - ভাৰতীয় টেৰিটৰিয়েল আৰ্মী গঠন হয়। ইংৰাজে ১৯২০ - ভাৰতীয় ভূখণ্ড আইনৰ জৰিয়তে এই সেনা গঠনৰ বাট মুকলি কৰিছিল যদিও স্বাধীনতাৰ পাছত ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল চি ৰাজগোপালাচাৰীয়ে আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰে।
১৯৬২ - আফ্ৰিকাৰ দেশ উগাণ্ডা গণৰাজ্যত পৰিণত হয়।
১৯৬৩ - ছাইফুদ্দিন কিচলেউৰ মৃত্যু হয়। প্ৰখ্যাত স্বাধীনতা সংগ্ৰামী কিচলিউ আছিল আন্তঃৰাষ্ট্ৰীয় শান্তিৰ বাবে লেনিন বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয়।
১৯৬৭ - আৰ্জেণ্টিনাৰ মাৰ্ক্সবাদী বিপ্লৱী চে গুৱেভাৰাক হত্যা কৰা হয়।
১৯৬৯ - ইউনিভাৰ্চেল ডাক ইউনিয়ন কংগ্ৰেছে এই দিনটোক বিশ্ব ডাক দিৱস হিচাপে ঘোষণা কৰে।
১৯৭০ - বোম্বাইৰ ভাভা পাৰমাণৱিক গৱেষণা কেন্দ্ৰত ইউৰেনিয়াম ২৩৩ উৎপাদন হয়।
১৯৭৭ - আজিৰ দিনটোতে আন্তৰ্জাতিক প্ৰত্যক্ষ ডায়েলিং টেলিফোন সেৱা আৰম্ভ হয়, বম্বে (বৰ্তমান মুম্বাই) আৰু লণ্ডনক সংযোগ কৰি।
১৯৮৪ - আজিৰ দিনটোতে মহাকাশত খোজ কঢ়া আমেৰিকান মহাকাশচাৰী কেথেৰিন চুলিভানে প্ৰথমগৰাকী আমেৰিকান মহিলা হিচাপে পৰিগণিত হয়।
১৯৯০ - থলুৱাভাৱে নিৰ্মিত প্ৰথমখন তেল টেংকাৰ ভাৰতীয় জাহাজ নিগমৰ হাতত গতাই দিয়া হয়। ইয়াক নিৰ্মাণ কৰিছিল কোচি শ্বিপয়াৰ্ড লিমিটেডে।
১৯৯১ - ১৫০০ বছৰীয়া চুমো মল্লযুঁজৰ ইতিহাসত প্ৰথমবাৰৰ বাবে জাপানৰ বাহিৰত অনুষ্ঠিত হয়। জাপান ফেষ্টিভেলৰ অংশ হিচাপে ব্ৰিটেইনৰ লণ্ডনৰ বিখ্যাত ৰয়েল এলবাৰ্ট হলত অনুষ্ঠিত হৈছিল এই মল্লযুঁজ প্ৰতিযোগিতা।
১৯৯৭ - ইটালীৰ লেখক ডাৰিয়া ফ'ক সাহিত্যৰ নোবেল বঁটা প্ৰদান কৰা হয়।
১৯৯৮ - পাকিস্তানৰ ৰাষ্ট্ৰীয় বিধানসভাই ইছলামিক শ্বৰীয়ত আইনক দেশৰ সৰ্বোচ্চ আইন হিচাপে ঘোষণা কৰে।
২০০৪ - আফগান ইতিহাসত প্ৰথমবাৰৰ বাবে লোকসকলে নিজৰ ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিবলৈ ভোটদান কৰে। নিৰ্বাচনত বিজয়ী হৈছিল হামিদ কাৰজাই। ২০০১ চনত তালিবানৰ পতনৰ পিছত কাৰজায়ে অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
২০০৬ - গুগলে ইউটিউব অধিগ্ৰহণ কৰাৰ কথা ঘোষণা কৰে আৰু উত্তৰ কোৰিয়াই ভূগৰ্ভস্থ পাৰমাণৱিক পৰীক্ষা চলায়।
২০১২ - তালিবানৰ বন্দুকধাৰীয়ে পাকিস্তানত ছোৱালীৰ শিক্ষাৰ স্পষ্টবাদী সমৰ্থক ১৫ বছৰীয়া মালালা ইউছুফজাইৰ মূৰত গুলীচালনা কৰে। অৱশ্যে এই মাৰাত্মক আক্ৰমণৰ পৰা ৰক্ষা পৰে মালালা আৰু পিছত নোবেল বঁটা লাভ কৰে।
জন্ম-
১৮২৬ - ৰাজা লক্ষ্মণ সিং - হিন্দী সাহিত্যিক।
১৮৩০ - কেমিল পিছাৰো - বিখ্যাত ফৰাচী চিত্ৰশিল্পী।
১৮৭৭ - গোপবন্ধু দাস - কবি।
১৮৯৭ - এম ভকতবৎসলম - ৰাজনীতিবিদ।
১৯০০ - জোচেফ ফ্ৰাইডমেন - আমেৰিকান উদ্ভাৱক।
১৯২৪ - ইমানুৱেল ডেভেণ্ডাৰ - সৈনিক।
১৯৩৮ - জন চাথাৰলেণ্ড - ব্ৰিটিছ লেখক / যুক্তৰাজ্য।
১৯৪৫ - উস্তাদ আমজাদ আলী খান - বিখ্যাত ভাৰতীয় সৰোদ খেলুৱৈ।
মৃত্যু-
১৯৮৮ - পঞ্জাৱৰ পৰা অহা স্বাধীনতা সংগ্ৰামী ছাইফুদ্দিন কিচলেউ।
২০০৬ - কাংশী ৰাম - ভাৰতীয় ৰাজনীতিবিদ।
২০১৫ - ৰবিন্দ্ৰ জৈন - বিখ্যাত হিন্দী সংগীতজ্ঞ আৰু গায়ক।
গুৰুত্বপূৰ্ণ দিন-
- বিশ্ব ডাক দিৱস।
हिन्दुस्थान समाचार / অৰৱিন্দ