জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত গহপুৰত কংগ্ৰেছৰ মম শিখা সমদল
গহপুৰত কংগ্ৰেছৰ মম শিখা সমদল।
জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত গহপুৰত কংগ্ৰেছৰ মম শিখা সমদল


বিশ্বনাথ, ০৮ অক্টোবৰ (হি.স.): অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত আৰু ন্যায়ৰ দাৱীত ৰাজ্যত বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰি থকা হৈছে। বিশ্বনাথ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত ব্লক কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা কালি সন্ধিয়া বাহিৰ কৰা হয় মম শিখা সমদল কাৰ্যসূচী । এই মম শিখা সমদল কাৰ্যসূচীত প্ৰাক্তন সংসদ কংগ্ৰেছ নেতা ৰিপুন বৰা, এ পি চি চি সম্পাদক প্ৰেমলাল গঞ্জু লগতে কেবাগৰাকীও বিষয়ববীয়া আৰু কংগ্ৰেছ কৰ্মীসকলে অংশগ্ৰহণ কৰে ৷

ইফালে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ নেতা ৰিপুন বৰাই কয় যে, জুবিন গাৰ্গৰ পৰিয়ালে ন্যায় নোপোৱা পৰ্যন্ত আমাৰ প্ৰতিবাদ চলি থাকিব। ইফালে দিপলীনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিৰ্তকিত মন্তব্য সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande