দৈয়াংমুখত নিষিদ্ধ গো-মাংসসহ এজনক আটক
দৈয়াংমুখত নিষিদ্ধ গো-মাংস উদ্ধাৰক লৈ চাঞ্চল্য।
দৈয়াংমুখত নিষিদ্ধ গো-মাংসসহ এজনক আটক


পশ্চিম কাৰ্বি আংলং, ০৮ অক্টোবৰ (হি.স.): পশ্চিম কাৰ্বি আংলঙৰ দৈয়াংমুখত যোৱা কালি মঙ্গলবাৰে সন্ধিয়া নিষিদ্ধ গো-মাংস উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হয়। দৈয়াংমুখ সাৰ্বজনীন নামঘৰৰ সমীপত উদ্ধাৰ কৰা হয় সন্দেহজনক নিষিদ্ধ গো-মাংস।

জানিব পৰা মতে চামচুল হক নামৰ লোক এজনে মাংসখিনি দৈয়াংমুখত বিক্ৰী কৰিবলৈ আনিছিল। এই বিষয়ে অৱগত হৈ নীয় ৰাইজে লোকজনক আবদ্ধ কৰে আৰু আৰক্ষীক খৱৰ দিয়ে। চামছুল হক হোজাই জিলাৰ বৰদলঙৰ ডাবলং গাঁৱৰ বাসিন্দা বুলি জনা গৈছে। স্থানীয় ৰাইজৰ তৎপৰতাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চামছুল হকক আটক কৰাৰ লগতে নিষিদ্ধ গো-মাংসসহ এটা মোবাইল আৰু এই নিষিদ্ধ সামগ্ৰী সৰবৰাহ কৰাত ব্যৱহাৰ কৰা এএছ ৩১ জি ২১৯০ নম্বৰৰ এখন পালচাৰ বাইক জব্দ কৰে আৰক্ষীয়ে। ইতিমধ্যে ঘটনাক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande