বৰপেটাত নিজ বাসগৃহত সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰক সাক্ষাৎ গৌৰৱ গগৈৰ
বৰপেটা, ১০ অক্টোবৰ (হি.স.)। দিনযোৰা কাৰ্যসূচীৰে বৰপেটাত উপস্থিত হোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি বৰপেটা সত্ৰ দৰ্শনৰ পিচতে সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰৰ বাসগৃহত উপস্থিত হৈ সাহিত্যিক গৰাকীক সাক্ষাৎ কৰে। প্ৰাক্তন সাংসদ আব্দুল খালেক, বিধায়ক
বৰপেটাত নিজ বাসগৃহত সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰক সাক্ষাৎ গৌৰৱ গগৈৰ


বৰপেটা, ১০ অক্টোবৰ (হি.স.)। দিনযোৰা কাৰ্যসূচীৰে বৰপেটাত উপস্থিত হোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি বৰপেটা সত্ৰ দৰ্শনৰ পিচতে সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰৰ বাসগৃহত উপস্থিত হৈ সাহিত্যিক গৰাকীক সাক্ষাৎ কৰে। প্ৰাক্তন সাংসদ আব্দুল খালেক, বিধায়ক জাকিৰ হুছেইন শিকদাৰ, আব্দুল ৰহিম আহমেদ, জিলা কংগ্ৰেছৰ সভাপতি ৰফিকুল হকক লগত লৈ সাহিত্যিক গৰাকীক সাক্ষাৎ কৰে গৌৰৱ গগৈয়ে।

ইয়াৰ পিচতে কংগ্ৰেছ সাংসদ গৰাকীয়ে বৰপেটা জিলা পুথিভঁৰাল অনুষ্ঠিত কংগ্ৰেছৰ দলীয় কৰ্মী সভা এখনত অংশগ্ৰহণ কৰে। বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি ৰফিকুল হকৰ সভাপতিত্বত প্ৰাক্তন সাংসদ আব্দুল খালেক, বিধায়ক জাকিৰ হুছেইন শিকদাৰ, আব্দুল ৰহিম আহমেদৰ লগতে জিলা কংগ্ৰেছৰ নেতৃবৃন্দই কৰ্মী সভাত অংশ লয়।

বৰপেটা বিধান সভা সমষ্টি ভিত্তিত অনুষ্ঠিত কৰ্মী সভাখনত গৌৰৱ গগৈয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সম্পৰ্কত মন্তব্য কৰি তদন্তৰ লেহেমীয়া গতিক লৈ ৰাইজৰ অসন্তুষ্টিৰ কথা প্ৰকাশ কৰে। গৌৰৱ গগৈয়ে বৰপেটাৰ আতশবাজি উদ্যোগৰ সৈতে জৰিত লোক সকলকো সাক্ষাৎ কৰাৰ কথা।

ইপিনে গৌৰৱ গগৈয়ে নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰম আৰু সৰ্থেবাৰীৰ কাঁহশিল্প সম্পৰ্কে বুজ লোৱাৰ কথা আছে।

একেদৰে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্রী মহেন্দ্ৰ মোহন চৌধুৰীৰ বৰপেটাৰ নগাঁৱত থকা পুৰণি বাসগৃহতো উপস্থিত হোৱাৰ কথা গৌৰৱ গগৈ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande