মুখ্য ন্যায়াধীশক আক্ৰমণ কৰাৰ চেষ্টা নিন্দনীয়, অভিযুক্ত অধিবক্তাক শাস্তি দিয়া উচিত: খৰ্গে
নতুন দিল্লী, ০৮ অক্টোবৰ (হি.স.)। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়মূৰ্তি বি আৰ গৱাইৰ ওপৰত জোতা নিক্ষেপ কৰাৰ চেষ্টাক গুৰুতৰ অপৰাধ বুলি অভিহিত কৰি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে অভিযুক্ত অধিবক্তাজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায
मल्लिकार्जुन खरगे


নতুন দিল্লী, ০৮ অক্টোবৰ (হি.স.)। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়মূৰ্তি বি আৰ গৱাইৰ ওপৰত জোতা নিক্ষেপ কৰাৰ চেষ্টাক গুৰুতৰ অপৰাধ বুলি অভিহিত কৰি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে অভিযুক্ত অধিবক্তাজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। তেওঁ এই ঘটনাক ন্যায়পালিকাৰ মৰ্যাদাৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ বুলি অভিহিত কৰি কয় যে এনে মানসিকতাৰ সমাজত কোনো স্থান থাকিব নালাগে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম (এক্স)ত এটা ভিডিঅ’ প্ৰকাশ কৰি খৰ্গে কয় যে উচ্চতম ন্যায়ালয়ত সংঘটিত হোৱা ঘটনাটো অতি নিন্দনীয়। যিয়ে উচ্চতম ন্যায়ালয়ৰ দৰে সৰ্বোচ্চ সাংবিধানিক প্ৰতিষ্ঠানত বহি মুখ্য ন্যায়াধীশ বা আন কোনো ন্যায়াধীশক অপমান কৰি, জোতা নিক্ষেপ কৰাৰ দৰে কাম কৰে, তেওঁ কেৱল ব্যক্তিক নহয়, সংবিধান আৰু ন্যায়িক ব্যৱস্থাক অপমান কৰে। ন্যায়পালিকাৰ মৰ্যাদা ভেঙুচালি কৰা এনে চিন্তা আৰু মতাদৰ্শ সমাজ প্ৰদূষিত কৰাৰ সমান। এনে অধিবক্তাক কেৱল বাৰ এছ’চিয়েশ্যনে নিন্দা কৰাই নহয়, প্ৰয়োজনীয় আইনী শাস্তিৰ সন্মুখীন হ’ব লাগে। কোনোবাই যদি নিজকে উকীল বুলি কয় কিন্তু তেওঁৰ মতাদৰ্শ সংবিধান আৰু সমতাৰ বিৰোধী, তেন্তে তেওঁক প্ৰশ্ন কৰাটো প্ৰয়োজনীয়।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande