শ্ৰীভূমি, ০৮ অক্টোবৰ (হি.স.)। উজনি অসমৰ শ্ৰীভূমি জিলাৰ বজাৰিচেৰা থানাৰ অন্তৰ্গত অসম-ত্ৰিপুৰা আন্তঃৰাজ্যিক সীমান্তত আজি চুৰাইবাৰী আৰক্ষী থানাই চলোৱা অভিযানত পুনৰ লাখ লাখ টকাৰ নিচাযুক্ত ‘এস্কোফ’ ব্ৰেণ্ডৰ কাফ চিৰাপ জব্দ কৰা হয়। এইবাৰ চুৰাইবাৰী থানাই ৩০ লাখৰো অধিক মূল্যৰ ‘এস্কোফ’ কাহৰ চিৰাপ জব্দ কৰে।
অসমৰ কামৰূপ জিলাৰ হাজো থানাৰ অন্তৰ্গত শিঙিমাৰী নিবাসী মনু বৰ্মন আৰু ৰবি বৰ্মনক ড্ৰাগছ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰে ট্ৰাক চালক তথা সহ-চালক মনু বৰ্মন আৰু ৰবি বৰ্মনক। নিষিদ্ধ কাহৰ চিৰাপ সৰবৰাহ কৰিবলৈ ব্যৱহাৰ কৰা এ এছ-০১ এছ চি-৬৪৮৪ নম্বৰৰ ট্ৰাকখনো জব্দ কৰা হৈছে।
অসম-ত্ৰিপুৰা আন্তঃৰাজ্যিক সীমান্তৰ চুৰাইবাৰী (অসম) আৰক্ষীৰ আউটপোষ্টৰ ভাৰপ্ৰাপ্ত প্ৰণৱ মিলিয়ে জনোৱা মতে, বুধবাৰে পুৱা গুৱাহাটীৰ পৰা ত্ৰিপুৰাৰ ৰাজধানী আগৰতলালৈ যোৱা এখন ট্ৰাকক চেকিং গেটত ৰখাই দিয়া হয়। ট্ৰাকখনে বিভিন্ন ধৰণৰ খুচুৰা সামগ্ৰী কঢ়িয়াই আনিছিল। ট্ৰাকখনত তালাচী চলোৱাৰ লগে লগে আৰক্ষীয়ে ১২ টা ইলেক্ট্ৰনিক ট্ৰেন্সফৰ্মাৰৰ বাকচৰ পৰা তিনি হাজাৰ (৩ হাজাৰ) নিচাযুক্ত এস্কোফ ব্ৰেণ্ডৰ কাহৰ চিৰাপৰ বটল উদ্ধাৰ কৰে। আৰক্ষী বিষয়া প্ৰণৱ মিলিয়ে উল্লেখ কৰে যে জব্দ কৰা কাহৰ চিৰাপৰ মূল্য ক’লা বজাৰত ৩০ লাখ টকাৰো অধিক হ’ব।
আউটপোষ্টৰ ভাৰপ্ৰাপ্ত প্ৰণৱ মিলিয়ে কয় যে জেৰাৰ সময়ত দিয়া বক্তব্যৰ ভিত্তিত মনু বৰ্মন আৰু ৰবি বৰ্মনৰ বিৰুদ্ধে এন ডি পি এছ আইনৰ নিৰ্দিষ্ট ধাৰাত গোচৰ ৰুজু কৰা হৈছে। তেওঁ উল্লেখ কৰে যে বৃহস্পতিবাৰে দুয়োকে শ্ৰীভূমিৰ ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰা হ’ব।
উল্লেখযোগ্য যে যোৱা ৫ অক্টোবৰ আৰু ৭ অক্টোবৰৰ পুৱা অসম-ত্ৰিপুৰা আন্তঃৰাজ্যিক সীমান্তত চুৰাইবাৰী ৱাচপোষ্ট আৰক্ষীৰ অভিযানৰ সময়ত আগৰতলালৈ যোৱা এখন সামগ্ৰী ভৰ্তি ট্ৰাকৰ পৰা ক্ৰমে প্ৰায় ২ কোটি আৰু ৩০ লাখৰো অধিক মূল্যৰ ‘এস্কোফ’ ব্ৰেণ্ডৰ কাফ চিৰাপ উদ্ধাৰ কৰা হয়।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ