হোজাইত ৭ জনকৈ জুৱাৰী আটক
হোজাইত ৭ জনকৈ জুৱাৰী আটক।
হোজাইত ৭ জনকৈ জুৱাৰী আটক


হোজাই, ০৮ অক্টোবৰ (হি.স.): হোজাই আৰক্ষীয়ে জুৱাৰীৰ ওপৰত ৰাখিছে শেনচকু । এনে জুৱাৰী কাৰণে ধ্বংশ হয় সপোনৰ ঘৰখন। ইয়াৰ মাজতে যোৱা কালি মঙ্গলবাৰে নিশা হোজাই আৰক্ষীৰ অভিযানত ৭ জনকৈ জুৱাৰী আটক কৰা হয়। খেল চলি থকা সময়তে গোপন খৱৰ ভিত্তিত আৰক্ষীয়ে এই সফল অভিযান চলাইছিল।

জানিব পৰা মতে হোজাই আৰক্ষীয়ে আদৰ্শ বজাৰৰ ডনবস্ক স্কুলৰ সন্মুখত স্বপন মণ্ডল দোকানৰ পৰা আটক কৰে জুৱাৰী কেইজনক। আটকাধীন জুৱাৰী কেইজন ক্ৰমে বিলাল উদ্দিন, অনোৱাৰ হুছেইন, বাহাৰুল ইছলাম, হাবিব খা, হৰমুদ আলী, নুৰ উদ্দীন আৰু আলাল উদ্দিন।ধৃত জুৱাৰী কেইটাৰ পৰা জুৱা খেলত ব্যৱহাৰ সামগ্ৰী আৰু এণ্ডিঙৰ টিকেটৰ লগতে নগদ টকা জব্দ কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত চলাই আছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande