শিৱসাগৰ, ০৬ অক্টোবৰ (হি.স.)। আজি শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ নাজিৰা জিলা শাখাৰ অন্তৰ্গত নাজিৰা আঞ্চলিক শাখাৰ সাহিত্য আৰু সংস্কৃতি শাখাৰ প্ৰতিযোগিতাসমূহ শ্ৰী মন্ত শংকৰদেৱ সংঘ নাজিৰা আঞ্চলিক সাহিত্য আৰু সংস্কৃতি শাখাৰ উদ্যোগত ওপৰ নাজিৰা প্ৰাথমিক শাখাৰ নামঘৰত অনুষ্ঠিত কৰা হয়।
সাহিত্য শাখাত কবিতা আবৃত্তি, ৰচনা, বক্তৃতা , কুইজ আদি প্ৰতিযোগিতাৰ সমান্তৰালকৈ সংস্কৃতি শাখাত বৰগীত, দিহানাম, কৃষ্ণ নৃত্য আদি প্ৰতিযোগিতাত আঞ্চলিক শাখা খনিৰ বহু সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠান ভাগিৰ লগত সংগতি ৰাখি গোপী নৃত্য, ভোৰ তাল নৃত্য, বৰ ধেমালি আদি নৃত্য প্ৰদৰ্শনৰ লগতে থিয়নাম আৰু দিহানাম পৰিৱেশন কৰা হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ