শিৱসাগৰৰ নামতিত প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ আয়োজন
শিৱসাগৰ, ০৬ অক্টোবৰ (হি.স.)। শিৱসাগৰৰ নামতিত প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ আয়োজন। নামতি চাৰিআলিস্থিত অস্থায়ী কাৰ্যালয়ত আহ্বায়ক মণ্ডলীৰ সংবাদমেল। অসমৰ সংগীত জগতৰ ধ্ৰুৱতৰা স্বৰূপ, অসমবাসীৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়ো
শিৱসাগৰৰ নামতিত প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ আয়োজন


শিৱসাগৰ, ০৬ অক্টোবৰ (হি.স.)। শিৱসাগৰৰ নামতিত প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ আয়োজন। নামতি চাৰিআলিস্থিত অস্থায়ী কাৰ্যালয়ত আহ্বায়ক মণ্ডলীৰ সংবাদমেল। অসমৰ সংগীত জগতৰ ধ্ৰুৱতৰা স্বৰূপ, অসমবাসীৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগত সকলো মৰ্মহত, শোকস্তদ্ধ।

প্ৰয়াত শিল্পী জুবিন গাৰ্গক অসমবাসীয়ে জনাইছে শ্ৰদ্ধাঞ্জলি।সমান্তৰালভাৱে বৃহত্তৰ নামতিবাসী ৰাইজে প্ৰয়াত শিল্পী গৰাকীৰ আত্মাৰ সদ্গতি কামনাৰে আয়োজন কৰিছে ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠান।শিৱসাগৰ জিলাৰ নামতি চাৰি আলি হাইস্কুল খেলপথাৰত অহা ১৯ অক্টোবৰত অনুষ্ঠিত হব এই ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠান।নামতি চাৰি আলি হাইস্কুল খেলপথাৰত থকা নাহৰ গছ সমূহৰ তলতে হব আদ্যশ্ৰাদ্ধ অনুষ্ঠান। ১৯ অক্টোবৰত জুবিন গাৰ্গক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱাৰ সৰ্বধৰ্মী প্ৰাৰ্থনাৰ লগতে সকলোৱে একেলগে পৰিবেশন কৰিব ময়াবিনী গীত।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande