বাক্সাৰ বাগানপাৰা গেৰুৱাত বন্য হস্তীৰ আক্ৰমণত নিহত মহিলা
বাক্সা, ০৬ অক্টোবৰ (হি.স.)। বাক্সা জিলাৰ ভাৰত ভুটান সীমান্তত অব্যাহত হাতী মানুহৰ সংঘাট। আজি সোমবাৰে পুৱতি নিশা বাক্সাৰ বাগানপাৰা গেৰুৱাত বন্য হস্তীৰ আক্ৰমণত নিহত হয় এগৰাকী মহিলা । মহিলা গৰাকীৰ নাম অঞ্জলি বড়ো বুলি জানিব পৰা গৈছে । জানিব পৰামতে, আজি
বাক্সাৰ বাগানপাৰা গেৰুৱাত বন্য হস্তীৰ আক্ৰমণত নিহত মহিলা


বাক্সা, ০৬ অক্টোবৰ (হি.স.)। বাক্সা জিলাৰ ভাৰত ভুটান সীমান্তত অব্যাহত হাতী মানুহৰ সংঘাট। আজি সোমবাৰে পুৱতি নিশা বাক্সাৰ বাগানপাৰা গেৰুৱাত বন্য হস্তীৰ আক্ৰমণত নিহত হয় এগৰাকী মহিলা । মহিলা গৰাকীৰ নাম অঞ্জলি বড়ো বুলি জানিব পৰা গৈছে ।

জানিব পৰামতে, আজি পুৱতি নিশা প্ৰায় ৪ মান বজাত শুই উঠি ঘৰৰ পিছপিনে যোৱাৰ লগে লগে বন্য হস্তীয়ে আক্ৰমণ কৰে মহিলা গৰাকীক। বন্যহস্তীয়ে মৰিয়াই মৰিয়াই হত্যা কৰে মহিলা গৰাকীক । ফলত থিতাতে নিহত হয় মহিলা গৰাকী। মৃত অঞ্জলি বড়োৰ বয়স প্ৰায় ৫০ বছৰ বুলি কোৱা হৈছে । অকল শৰীয়া মহিলা গৰাকী বন্যাহস্তীয়ে হত্যা কৰাৰ লগতে আন দুটা পৰিয়ালৰ ঘৰ ভঙা বুলি জানিব পৰা গৈছে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande