টিহু পৌৰসভাত চৰম দুৰ্নীতিৰ অভিযোগ
টিহু পৌৰসভাই অতিক্ৰম কৰিছে দুৰ্নীতিৰ চৰম সীমা ।
টিহু পৌৰসভাত চৰম দুৰ্নীতিৰ অভিযোগ


নলবাৰী, ০৬ অক্টোবৰ (হি.স.): টিহু পৌৰসভাত দুৰ্নীতিৰ চৰম সীমা অতিক্ৰম কৰাৰ অভিযোগ উত্থাপিত হৈছে। উন্নয়নৰ নামত টিহু পৌৰসভাত দুৰ্নীতিৰ ক’লা বজাৰ বহিছে বুলিও চৰ্চিত হৈছে । টিহু নগৰত নৱ নিৰ্মিত শৌচালয়ত আৰু প্ৰস্ৰাবগাৰ ব্য়ৱহাৰ নকৰোতেই চিৰাল ফাট দিয়া পৰিলক্ষিত হৈছে । উদ্ভোধন হল কিন্তু আজিলৈকে ব্যবহাৰৰ উপযোগী হৈ নুঠিল নব নিৰ্মিত শৌচালয় আৰু প্ৰস্ৰাৱগাৰ ।

ইফালে উদ্ভোধনী ফলকত নাই মুঠ আবন্টিত ধনৰ পৰিমান । ৰাইজক অন্ধকাৰত ৰাখি নিৰ্মাণ কৰিছে লাখটকীয়া শৌচালয় আৰু প্ৰস্ৰাৱগাৰ । ৰাজ্য চৰকাৰৰ তিনি শীৰ্ষ মন্ত্ৰীৰ আশিক ধন্য হৈ টিহু নগৰত সভানেত্ৰী আৰু আংগু পাংগু মিলি উন্নয়নৰ ফটা ঢোল বজাই আছে যদিও টিহু নগৰখন একাংশৰ বাবে সোনৰ হাহ কণীত হে পৰিণত হৈছে ।

উল্লেখযোগ্য যে টিহু নগৰ সমিতিয়ে পূৰ্বেও টিহু নগৰৰ মাজ মজিয়াত কেইবালাখটকীয়া শৌচালয় নিৰ্মান কৰিছিল যদিও ব্যৱহাৰ নকৰোতেই নানান অজুহাত দেখুৱাই শৌচালয়টো ভাঙি দিছিল । একেদৰে টিহু নগৰ সমিতিয়ে দহ নং ওৱাৰ্ডত কেইবা লাখটকীয়া স্বচ‌চ ভাৰত অভিযান ২.০ৰ অধীনত শৌচালয় এটা নিৰ্মান কৰিছে যদিও শৌচালয়টোত চৌদিশে চিৰাল ফাট দিয়া পৰিলক্ষিত হৈছে । এইক্ষেত্ৰত দুৰ্নীতিৰ সৈতে আপোচ নকৰা চৰকাৰ খনে টিহু নগৰত এনে ধৰণৰ দুৰ্নীতিৰ তদন্ত কৰাতো বিচাৰিছে সচেতন মহলে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande