নতুন দিল্লী, ০৬ অক্টোবৰ (হি.স.)। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গৱাইৰ ওপৰত আক্ৰমণৰ চেষ্টাক গৰিহণা দিছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালে।
বেনুগোপালে এক্স-পোষ্টত উল্লেখ কৰিছে যে এই কাণ্ড আমাৰ সংবিধানৰ ওপৰত আক্ৰমণ আৰু ন্যায়পালিকাৰ সৰ্বোচ্চ পদবীৰ ন্যায়াধীশক প্ৰত্যাহ্বান জনোৱাৰ এক হতাশজনক প্ৰচেষ্টা, যিয়ে ইয়াক সুৰক্ষা দিয়ে। মুখ্য ন্যায়াধীশ গৱাইয়ে সামাজিক বৈষম্য দূৰ কৰি নিজৰ সামৰ্থ্য আৰু দৃঢ়তাৰে এই পদত অৰ্জন কৰিছে। তেওঁৰ যাত্ৰা আৰু স্থিতি উদযাপন কৰা উচিত, আক্ৰমণ কৰা উচিত নহয়।
উল্লেখযোগ্য যে আজি এজন ৭১ বছৰীয়া অধিবক্তাই মুখ্য ন্যায়াধীশ গৱাইৰ ওপৰত কিবা এটা নিক্ষেপ কৰাৰ চেষ্টা চলাইছিল যদিও দিল্লী আৰক্ষীয়ে ততাতৈয়াকৈ তেওঁক বাধা দিছিল। এই ঘটনাৰ পিছতো মুখ্য ন্যায়াধীশে শান্তিপূৰ্ণভাৱে শুনানি অব্যাহত ৰাখিলে।
हिन्दुस्थान समाचार / অৰৱিন্দ