ধেমাজি, ০৬ অক্টোবৰ (হি.স.)। বনদস্যুৰ কবলত ধেমাজিৰ জীয়াধল সংৰক্ষিত বনাঞ্চল। ধেমাজিৰ জীয়াধল বনাঞ্চলত চোৰাং খয়েৰ কাঠ জব্দ ৷ ধেমাজি বন বিভাগে জব্দ কৰে অবৈধ ৰঙা খয়েৰ কাঠ সমূহ।
বলেৰ’ পিকআপ বাহনত বোজাই কৰা অৱস্থাত জব্দ অবৈধ কাঠ সমূহ। অবৈধ খয়েৰ কাঠ এখন বলে'ৰ পিকাআপত পুৱা উঠোৱা সময়তে ৰাইজে জব্দ কৰি চমজাই দিয়ে বন বিভাগক ৷ অবৈধ খয়েৰ কাঠ ভৰ্ত্তি বলে'ৰ পিকআপ গাড়ী নম্বৰ এআৰ ২২ ২৯৪৬ ৷ লগতে কাঠসহ হাতে-লোটে দুজন লোকক গ্ৰেপ্তাৰ কৰে ৷ গ্ৰেপ্তাৰ কৰা লোক দুজনক জোনাইৰ নেপালী বস্তি কমল শইকীয়া আৰু চিমেন চাপৰিৰ নতুন ৰংপিয়াৰ বিষ্ণু সুত্ৰধৰ ৷ ইপিনে , বন বিভাগৰ চকুত ধূলি দি দীৰ্ঘ দিনে চলাই আহিছিল খয়েৰ গছৰ অবৈধ বেহা।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু