নলবাৰী, ০৬ অক্টোবৰ (হি.স.)। টিহুৰ কাহাৰপাৰাত ৫ দিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে আজিৰে পৰা আৰম্ভ হৈছে পূৱ টিহু বাৰোৱাৰী শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ ৰূপালী জয়ন্তী ।
লক্ষ্মী পূজা উপলক্ষে এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচী উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী দিলীপ কুমাৰ দাসে । বিভিন্ন জাতি জনগোষ্ঠীৰ লোককৃষ্টিৰ লগতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি লৈ এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অঞ্চলবাসীয়ে ।
অসমীয়া হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰিছে জনপ্ৰিয় অভিনেত্ৰী ময়ূৰী গৌতমে । জুবিন গাৰ্গৰ ন্যায় যুদ্ধখন আগবঢ়াই নিবলৈ আহ্বান অভিনেত্ৰীগৰাকীৰ । আইনৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে আমাৰ জুবিন দাই ন্যায় পাৱ লাগিব এই ন্যায় অসমবাসীৰ । টিহুৰ কাহাৰপাৰাত এই মন্তব্য জনপ্ৰিয় অভিনেত্ৰী ময়ূৰী গৌতমৰ ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু