জখলাবন্ধা গৰুবন্ধা অঞ্চলত গো-মাংস বিক্ৰী কৰিবলৈ আহি আটক দুজন
জখলাবন্ধা গৰুবন্ধা অঞ্চলত গো-মাংস বিক্ৰী কৰিবলৈ আহি আটক দুজন ।
জখলাবন্ধা গৰুবন্ধা অঞ্চলত গো-মাংস বিক্ৰী কৰিবলৈ আহি আটক দুজন


নগাঁও, ০৬ অক্টোবৰ (হি.স.): সকলো সম্প্ৰদায়ৰ লোক বসবাস কৰা জখলাবন্ধা গৰুবন্ধা অঞ্চলত যোৱা কালি দেওবাৰে বিয়লি গো-মাংস বিক্ৰী কৰিবলৈ আহি আটক হয় দুজন লোক। লোক দুজনৰ বিৰুদ্ধে চামগুৰি কাঠপাৰাৰ পৰা আহি কলিয়াবৰৰ বিভিন্ন অঞ্চলত নিষিদ্ধ গো মাংসৰ বেহা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।

স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে জখলাবন্ধা গৰুবন্ধাত আটক কৰা ব্যক্তি দুজন কাঠপাৰাৰ নুৰুল ইছলাম আৰু আমিৰ হুছেইন বুলি পৰিচয় পোৱা গৈছে। ইতিমধ্যে জখলাবন্ধা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আটক কৰিছে দুয়োজন ব্যক্তিক ।

দীৰ্ঘদিনৰ পৰা ব্যক্তি দুজনে আৰক্ষীৰ চকুত ধুলি দি কলিয়াবৰৰ বিভিন্ন স্থানত বিক্ৰী কৰি আহিছিল নিষিদ্ধ গো-মাংস । এই ঘটনাত জড়িত সকলক গৰুবন্ধাৰ মুছলমান সমাজেও গৰিহণা দিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande