গুৱাহাটী, ০৬ অক্টোবৰ (হি.স.)। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভাৰ সাপ্তাহিক বৈঠকখন আজি সম্পন্ন হৈ যায়। মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইফালে কেবিনেটৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে আজিৰ বৈঠকে লোৱা সিদ্ধান্ত সমূহৰ বিষয়ে সাংবাদিকক জানিবলৈ দিয়ে।
ইয়াৰ মাজতে মুখ্যমন্ত্ৰীয়ে আজি মুকলি কৰিলে ‘শ্রদ্ধাঞ্জলি আঁচনি’ খন। বহিঃৰাজ্যত মৃত্যু হোৱা অসমৰ লোকৰ বাবে এই আঁচনি গ্ৰহণ কৰা হৈছে।
বহিঃৰাজ্যত মৃত্যু হ’লে সন্মান সহকাৰে স্বগৃহলৈ ঘূৰাই অনা হ’ব নশ্বৰদেহ। অৱশ্য়ে আৰ্থিকভাৱে সৱল লোকৰ ক্ষেত্রত প্রযোজ্য নহ’ব এই আঁচনি।
এই আঁচনিৰ বাবে মুখ্য সচিব অথবা মুখ্যমন্ত্রীৰ কাৰ্যালয়ৰ সৈতে খবৰ কৰিব পাৰিব। সেৱা সেতু পৰ্টেলযোগেও যোগাযোগ কৰি নশ্বৰদেহ আনিব পৰা যাব। ইফালে দুৰ্ঘটনা বা হত্যাৰ বলি হ’লে যি আইনগত সহায় লাগে অসম আৰক্ষীয়ে তাক কৰিব। প্রয়োজনত ৰাজ্যৰ বাহিৰলৈ জোৱানসকল গৈ সহায় কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে জনায়। উল্লেখ্য যে ইতিমধ্যে তামিলনাডুত মৃত্যু হোৱা ৯ গৰাকী শ্রমিকৰ মৃতদেহ ঘূৰাই অনা হৈছে। নিহতসকলৰ পৰিয়ালক ৫ লাখ টকাৰ এককালীন সাহায্য প্রদান কৰা হৈছে। ইণ্ডাষ্ট্রী ৪.Oৰ বাবে প্রশিক্ষণৰ ক্ষেত্রত ১৬ হাজাৰ টকাৰ পৰা ১২ হাজাৰ টকালৈ হ্রাস কৰা হৈছে। কেবিনেটৰ সিদ্ধান্ত অনুসৰি ৫৬৪ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’ব শিলচৰত এলিভেটেড কৰিড’ৰ। তদুপৰি ২২০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’ব জি এম চি এইছৰ নতুন গৃহ।
ইফালে বাহিৰত কাম কৰি থকা অসমৰ লোকসকলৰ বাবে আজিৰ কেবিনেটে দিছে ভাল খবৰ। অসমৰ মেডিকেল কলেজত এতিয়াৰে পৰা পঢ়িব পাৰিব তেওঁলোকৰ সন্তানে। অৰুণাচল প্রদেশৰ মৰাণ জনগোষ্ঠীৰ লোকৰ সন্তানেও অসমৰ মেডিকেল কলেজত পঢ়িব পাৰিব। তেওঁলোকে লাভ কৰিছে অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ।
মুখ্যমন্ত্ৰীয়ে কয় যে বিনামূলীয়া নামভৰ্তিৰ বাবে স্নাতক পৰ্যায়ৰ মহাবিদ্যালয়ক ১২৬ কোটি টকা প্রদান কৰা হৈছে। মঙলবাৰৰ পৰা ৰাজ্যৰ ৩০ লাখ লোকক প্রদান কৰা হ’ব অৰুণোদয় আঁচনি। আনহাতে বেংক সখী জীৱিকা সখীকো প্রদান কৰিব অৰুণোদয় আঁচনি।
আজিৰ কেবিনেটেৰ সিদ্ধান্ত অনুসৰি ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ ইউনিফাইড পেঞ্চন স্কীম প্রদান কৰা হ’ব। কৰ্মচাৰীয়ে এবছৰৰ ভিতৰত সিদ্ধান্ত ল’ব পাৰিব এন পি এছ ল’ব নে ইউ পি এছ। ইফালে ধুবুৰী আৰু দক্ষিণ শালমৰাত কাম কৰি থকা শিক্ষয়িত্ৰীসকলৈ সুখবৰ কঢ়িয়াই আনিছে আজিৰ কেবিনেটৰ বৈঠকে। সেই মৰ্মে সেই অঞ্চলকেইটাত ৫ বছৰ ধৰি কাম কৰি থকা শিক্ষয়িত্রীক গৃহ জিলালৈ বদলি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। আনহাতে সৰ্বশিক্ষাত ৩ বছৰ ধৰি চাকৰি কৰাসকলক চৰকাৰী শিক্ষক হিচাপে নিযুক্তি দিয়াৰ ক্ষেত্ৰতো আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে ।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী