ছোনিয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ ভাৰতৰ মুখ্য ন্যায়াধীশক আক্ৰমণৰ চেষ্টাক সংবিধানৰ ওপৰত আক্ৰমণ বুলি অভিহিত
নতুন দিল্লী, ০৬ অক্টোবৰ (হি.স.)। কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গৱাইৰ ওপৰত আক্ৰমণৰ চেষ্টাক “সংবিধানৰ ওপৰত আক্ৰমণ” বুলি অভিহিত কৰাৰ বিপৰীতে দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে ইয়াক “সমগ্ৰ
सोनिया गांधी और प्रियंका गांधी


নতুন দিল্লী, ০৬ অক্টোবৰ (হি.স.)। কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গৱাইৰ ওপৰত আক্ৰমণৰ চেষ্টাক “সংবিধানৰ ওপৰত আক্ৰমণ” বুলি অভিহিত কৰাৰ বিপৰীতে দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে ইয়াক “সমগ্ৰ ন্যায়িক ব্যৱস্থা”ৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰে।

কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে আনুষ্ঠানিক বিবৃতিযোগে কয় যে উচ্চতম ন্যায়ালয়ৰ ভিতৰত ভাৰতৰ মুখ্য ন্যায়াধীশৰ ওপৰত কৰা এই আক্ৰমণ অতি নিন্দনীয়। ইয়াক নিন্দা কৰিবলৈ কোনো শব্দই যথেষ্ট নহয়। এয়া কেৱল মুখ্য ন্যায়াধীশৰ ওপৰত নহয় আমাৰ সংবিধানৰ ওপৰতো প্ৰত্যক্ষ আক্ৰমণ।

ছোনিয়া গান্ধীয়ে কয় যে ন্যায়াধীশ গৱাই সদায় নম্ৰ আৰু মৰ্যাদাপূৰ্ণ, কিন্তু আজি জাতিটোৱে গভীৰ যন্ত্ৰণা আৰু ক্ষোভত তেওঁৰ সৈতে একত্ৰিত হৈ থিয় দিব লাগিব।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এক পোষ্টত কয় যে দেশৰ মুখ্য ন্যায়াধীশৰ ওপৰত আক্ৰমণৰ চেষ্টা অত্যন্ত লজ্জাজনক, দুৰ্ভাগ্যজনক, আৰু চিন্তনীয়। এয়া কেৱল ভাৰতৰ মুখ্য ন্যায়াধীশৰ ওপৰত নহয়, আমাৰ সংবিধান, সমগ্ৰ ন্যায় ব্যৱস্থা, আইনৰ শাসনৰ ওপৰতো আক্ৰমণ।

তেওঁ কয় যে মুখ্য ন্যায়াধীশগৰাকীয়ে নিজৰ কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু সামৰ্থ্যৰ জৰিয়তে সমাজৰ প্ৰতিটো বাধা অতিক্ৰম কৰি সৰ্বোচ্চ ন্যায়িক পদবী লাভ কৰিছিল। তেওঁৰ বিৰুদ্ধে এই ধৰণৰ আক্ৰমণ ন্যায়পালিকা আৰু গণতন্ত্ৰ দুয়োটাৰে বাবে ক্ষতিকাৰক। এই ঘটনাক যিমানেই নিন্দা কৰিলেই নহ’ব।

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ ভিতৰত ন্যায়াধীশ গৱাইৰ ওপৰত ৭১ বছৰীয়া অধিবক্তা ৰাকেশ কিশোৰে কিবা এটা নিক্ষেপ কৰাৰ চেষ্টা চলাইছিল। লগে লগে আৰক্ষীয়ে তেওঁক কৰায়ত্ত কৰিলে। খবৰ আহিছিল যে মুখ্য ন্যায়াধীশগৰাকীয়ে কৰা কথিত ধৰ্মীয় মন্তব্যই তেওঁক ক্ষুন্ন কৰিছিল। ন্যায়াধীশ গৱাইয়ে সমগ্ৰ কাণ্ডটোত শান্তি বজাই ৰাখিছিল, আৰু আদালতৰ কাৰ্য্যবিধি বিনা বাধাই অব্যাহত আছিল।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande