শোণিতপুৰ, ০৬ অক্টোবৰ (হি.স.)। শোণিতপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, ভাৰতীয় আৰক্ষী সেৱাৰ (আই পি এছ )বিষয়া বৰুণ পুৰকায়স্থই উৎকৃষ্ট সেৱাৰ বাবে লাভ কৰিছে ফিক্কি (FICCI) ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক বিশেষ বঁটা । সমগ্ৰ দেশৰ ভিতৰতে একমাত্ৰ শীৰ্ষ আৰক্ষী বিষয়া হিচাপে এই বঁটা বৰুণ পুৰকায়স্থ দেৱে লাভ কৰাত অসম চৰকাৰৰ গৃহ বিভাগে জ্যেষ্ঠ আৰক্ষী অধীক্ষক গৰাকীক অভিনন্দন জ্ঞাপন কৰিছে।
উল্লেখ্য যে নতুন দিল্লীস্থিত FICCI -India CASCADE at MASCRADE ৰ জৰিয়তে ২০২৪ -২৫ বৰ্ষৰ বেষ্ট পাৰ্ফমিং অফিচাৰ হিচাপে দেশৰ ভিতৰতে একমাত্ৰ আৰক্ষী বিষয়া হিচাপে এই ৰাষ্ট্ৰীয় বঁটা লাভ কৰাত শোণিতপুৰ জিলাৰ আৰক্ষী প্ৰশাসন উৎফুল্ল হৈ পৰাৰ লগতে জিলা আয়ুক্ত আনন্দ কুমাৰ দাসকে ধৰি জিলাখনৰ প্ৰশাসনিক বিষয়া সকলে জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্হক অভিনন্দন জ্ঞাপন কৰিছে । জ্যেষ্ঠ আৰক্ষী অধীক্ষক গৰাকীয়ে এই ৰাষ্ট্ৰীয় বঁটা লাভ কৰাত শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰৰ কাৰ্যকৰী সভাপতি পংকজ বৰুৱাইও অভিনন্দন জ্ঞাপন কৰিছে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ