তেজপুৰত শাৰদ সন্মান প্ৰদান অনুষ্ঠান সম্পন্ন
–জুবিন গাৰ্গৰ কণ্ঠৰ অসমীয়া, বঙালী আৰু হিন্দী গীতেৰে জীপাল হ''ল বেংগলী অবৈতনিক নাট্য সমাজৰ প্ৰেক্ষাগৃহ –ভৈৰৱ নগৰ দুৰ্গাবাৰী দুৰ্গা পূজা সমিতিক প্ৰথম স্থানৰ শাৰদ সন্মান প্ৰদান –ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ পূজা সমিতিয়ে আৰু বেংগলী অবৈতনিক নাট্য সমা
ভৈৰৱ নগৰ দুৰ্গাবাৰী দুৰ্গা পূজা সমিতিক প্ৰথম স্থানৰ শাৰদ সন্মান প্ৰদান


–জুবিন গাৰ্গৰ কণ্ঠৰ অসমীয়া, বঙালী আৰু হিন্দী গীতেৰে জীপাল হ'ল বেংগলী অবৈতনিক নাট্য সমাজৰ প্ৰেক্ষাগৃহ

–ভৈৰৱ নগৰ দুৰ্গাবাৰী দুৰ্গা পূজা সমিতিক প্ৰথম স্থানৰ শাৰদ সন্মান প্ৰদান –ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ পূজা সমিতিয়ে আৰু বেংগলী অবৈতনিক নাট্য সমাজে লাভ কৰিলে পৰিৱেশ সজাগতাৰ শাৰদ সন্মান

শোণিতপুৰ, ০৬ অক্টোবৰ (হি.স.)। কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আৰু জুবিন গাৰ্গৰ মায়াবিনী শীৰ্ষক গীতৰ লগতে কেবাটাও গীত পৰিবেশনৰ বিশেষ অনুষ্ঠানত তেজপুৰ পৌৰসভাৰ অন্তৰ্গত ৩৬ খন দুৰ্গা পূজা সমিতিৰ মাজৰ পৰা বিভিন্ন দিশত শ্ৰেষ্ঠতা প্ৰতিপন্ন হোৱা দুৰ্গা পূজা সমিতিক ৰ'টাৰী ক্লাব তেজপুৰে ২০২৫ বৰ্ষৰ শাৰদ সন্মান প্ৰদান কৰা হয় । ৫৫ বছৰীয়া ৰ'টাৰী ক্লাব, তেজপুৰৰ অবিৰত যাত্ৰাৰ লগতে ১৫ সংখ্যক এই শাৰদ সন্মান প্ৰদান অনুষ্ঠানত বিভিন্ন শিতানৰ শাৰদ সন্মানৰ লগতে প্ৰথমৰ পৰা চতুৰ্থ স্থানলৈকে বিভিন্নজনৰ সোঁৱৰণত বিশেষ স্মাৰকেৰে এই সন্মান প্ৰদান কৰা হয়।

ৰ'টাৰী ক্লাব অব তেজপুৰৰ প্ৰকল্প অধ্যক্ষ জয়প্ৰকাশ মিশ্ৰ,সভাপতি ৰত্নদল শৰ্মা আৰু সম্পাদক সুৰজিৎ চক্ৰৱৰ্তীৰ লগতে ৰ'টাৰীয়ান সকলৰ তৎপৰতাত তেজপুৰৰ বেংগলী অবৈতনিক নাট্য সমাজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানৰ আৰম্ভণিতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেজপুৰৰ কন্ঠশিল্পী কৌশিক শৰ্মাই জুবিন গাৰ্গৰ মায়াবিনী শীৰ্ষক গীতটি পৰিৱেশন কৰাৰ সময়ত উপস্থিত সকলোৱে আসনৰ পৰা থিয় হৈ সমস্বৰে গীতটি পৰিৱেশন কৰে। ইয়াৰ পিছতেই সভাপতি ৰত্ন দল শৰ্মাই ৰ'টাৰী ক্লাব অব তেজপুৰৰ লক্ষ্য আৰু উদ্দেশ্যৰ লগতে প্ৰতি বছৰে তেজপুৰ পৌৰসভাৰ অন্তৰ্গত দুৰ্গা পূজা সমিতিৰ মাজত আয়োজন কৰা প্ৰতিযোগিতাৰ মাজৰ পৰা দায়িত্ব অৰ্পণ কৰা বিচাৰকৰ জৰিয়তে এই শাৰদ সন্মান প্ৰদান কৰি অহা হৈছে বুলি মন্তব্য কৰে ।

অনুষ্ঠানটিত উদ্যোক্তা সকলে এইবছৰ এই শাৰদ সন্মানৰ বাবে দায়িত্ব অৰ্পণ কৰা বিচাৰক ত্ৰয় ক্ৰমে অসম সাহিত্য সভাৰ প্ৰচাৰ উপসমিতিৰ উপ সভাপতি পংকজ বৰুৱা, চিত্ৰশিল্পী অংশুমান পাল আৰু সাহিত্য-সাংস্কৃতিক কৰ্মী তথা তেজপুৰ পৌৰসভাৰ পৌৰ সদস্যা দেৱশ্ৰী ভৌমিকক ৰাইজৰ সন্মুখত পৰিচয় কৰাই দি বিশেষভাৱে সন্মান জনোৱাৰ পিছতেই বিভিন্ন শিতানৰ শাৰদ সন্মান প্ৰদান কৰা হয়। উল্লেখ্য যে কন্ঠশিল্পী কৌশিক শৰ্মাই জুবিন গাৰ্গৰ কণ্ঠৰ বেংগলী ,হিন্দীকে ধৰি কেইবাটাও গীত পৰিবেশন কৰা আৰু ৰ'টাৰী ক্লাব অব তেজপুৰৰ প্ৰাক্তন সভাপতি ডা০ ডেনী দত্ত, জ্যেষ্ঠ ৰ'টাৰীয়ান সুনিল চাৰাফ, বিশিষ্ট সমাজকৰ্মী তথা ৰামকৃষ্ণ সেৱাশ্ৰমৰ সভাপতি সুদীপ ঘোষে ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত বিচাৰকৰ ফালৰ পৰা পংকজ বৰুৱাই ভাষণ প্ৰদান কৰি ৰ'টাৰী ক্লাব অব তেজপুৰৰ এই প্ৰয়াসে সুস্থ আৰু পৰিশীলিত ৰূপত দুৰ্গা পূজা উদযাপন কৰাৰ ক্ষেত্ৰত দুৰ্গা পূজা সমিতি সমূহক উদ্বুদ্ধ কৰি আহিছে বুলি মন্তব্য কৰে ।

অনুষ্ঠানটিত প্ৰথম স্থান লাভ কৰা ভৈৰৱ নগৰ দুৰ্গাবৰী দুৰ্গা পূজা সমিতি, দ্বিতীয় স্থান লাভ কৰা নেপালী পট্টীৰ মধ্য তেজপুৰ যুৱক সংঘৰ দুৰ্গা পূজা সমিতি আৰু তৃতীয় স্থান লাভ কৰা গাৰোৱান পট্টীৰ অশোক চক্ৰ ক্লাব দুৰ্গা পূজা সমিতিক তিনিওগৰাকী বিচাৰকে ৰ'টাৰীয়ান সকলৰ উপস্থিতিত বঁটা প্ৰদান কৰে। আনহাতে ৩৬ খন ৰাজহুৱা দুৰ্গা পূজা সমিতিৰ মাজত চতুৰ্থ স্থান লাভ কৰি যুটীয়াভাৱে শাৰদ সন্মান লাভ কৰে ক্ৰমে -মহাভৈৰৱৰ এম্বাৰ্চ ক্লাব আৰু মাৰোৱাৰী দুৰ্গা পূজা সমিতিয়ে । সেইদৰে পৰিৱেশ সজাগতাৰ বাবে যুটীয়াভাৱে শাৰদ সন্মান লাভ কৰে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ দুৰ্গা পূজা সমিতি আৰু বেংগলী অবৈতনিক নাট্য সমাজে, শ্ৰেষ্ঠ প্ৰতিমাৰ বাবে শাৰদ সন্মান লাভ কৰে হৰিজন যুৱক সংঘই, শ্ৰেষ্ঠ ডেকৰেচনৰ সন্মান লাভ কৰে ৰাবাৰ বাগানৰ চণ্ডী মণ্ডপ পূজা সমিতিয়ে, শ্ৰেষ্ঠ পৰম্পৰাগত পূজাৰ সন্মান লাভ কৰে কামৰূপীয় সনাতন ধৰ্ম মণ্ডলীৰ লগতে জাহাজঘাটৰ হিন্দুস্তানী দুৰ্গা পূজা সমিতিয়ে, শ্ৰেষ্ঠ কালচাৰেল প্ৰমোচনৰ সন্মান লাভ কৰে জাহাজঘাটৰ অক্সফোৰ্ড ক্লাবে, শ্ৰেষ্ঠ আৰতি আৰু ঢাকিৰ বাবে সন্মান লাভ কৰে ৰামকৃষ্ণ সেৱাশ্ৰম পূজা সমিতিয়ে আৰু শ্ৰেষ্ঠ সামাজিক বাৰ্তাৰ বাবে সন্মান লাভ কৰে লালমাটি সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে ।

স্থান লাভ কৰা সকলো পূজা সমিতিকে জ্যেষ্ঠ ৰ'টাৰীয়ান আৰু বিচাৰক তিনিগৰাকীৰ উপস্থিতিত ক্লাবৰ বিষয়ববীয়া সকলে আনুষ্ঠানিক ভাৱে ২০২৫ বৰ্ষৰ বিভিন্ন শিতানৰ শাৰদ সন্মান প্ৰদান কৰে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande