লখিমপুৰ, ০৬ অক্টোবৰ (হি.স.)। দ্বিতীয় বৈকুণ্ঠপুৰিলৈ পৰিণত হয় লখিমপুৰৰ বাধাকৰা অঞ্চল । লখিমপুৰ জিলাৰ বাধাকৰা বালিগাঁও প্রাথমিক শাখাৰ নামঘৰ প্ৰাঙ্গণত দুদিনীয়াকৈ অনুষ্ঠিত হয় শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক আবির্ভাৱ মহোৎসৱ আৰু যুৱ শিশু আইমাতৃ সমাৰোহ।
আজি সোমবাৰে দ্বিতীয় দিনা দিনৰ প্ৰায় ১১ মান বজাত বাধাকৰা ৰাজপথত ওলোৱা হয় ভাগৱত শোভাযাত্ৰা ।
শ্ৰীমন্ত শংকৰদেৱ সংঘ লক্ষীমপুৰ আঞ্চলিক শাখাৰ উদ্যোগত আৰু বাধাকৰা প্ৰাথমিক শাখাৰ আতিথ্যত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক
আবির্ভাৱ মহোৎসৱ আৰু যুৱ শিশু আইমাতৃ সমাৰোহ খনি দেওবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হয় বাধাকৰা বালিগাঁও প্রাথমিক শাখাৰ নামঘৰ প্ৰাঙ্গণত ।
শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক আবির্ভাৱ মহোৎসৱ আৰু যুৱ শিশু আইমাতৃ সমাৰোহ খনিৰ প্ৰথম দিনা প্ৰয়াত মহান শিল্পী জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱাৰ সমান্তৰালভাৱে বিভিন্ন কাৰ্য্যসূচী অনুষ্ঠিত হয় । নিশালৈ ভাওনা প্ৰদৰ্শন হয় ।
ইফালে আজি দ্বিতীয় দিনা ধৰ্ম ধৰ্জ্বা উত্তোলনৰ সমান্তৰালভাৱে বাধাকৰা ৰাজপথত ওলোৱা হয় ভাগৱত শোভাযাত্ৰা । পৰবৰ্তী সময়ত বাধাকৰা বালিগাঁও প্রাথমিক শাখাৰ নামঘৰ প্ৰাঙ্গণত অনুষ্ঠিত ধৰ্মালোচনী সভা । এই ধৰ্মালোচনী সভা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ববীয়া সকলৰ লগতে নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে অভিনেতা তথা সমাজ সেৱক বৈকুন্ঠ প্রিন্ট পাঠক ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু