শোণিতপুৰ, ০৬ অক্টোবৰ (হি.স.)। ‘‘যিজন বিঞ্চুপ্ৰসাদ ৰাভাই সাম্যবাদত বিশ্বাস কৰিছিল, যি জন বিঞ্চু ৰাভা কমিউনিষ্ট হোৱা সত্বেও এটা উক্তি দিছিল যে হোৱাংহো বা ভল্গাৰ পথেৰে অসমত কমিউনিষ্ট নহ’ব, অসমত কমিউনিষ্ট হ’ব লুইতৰ পাৰত৷ তেওঁৰ সাম্যবাদ বহু বেলেগ৷” এই মন্তব্য সৈনিক শিল্পী বিঞ্চুপ্ৰসাদ ৰাভাৰ দ্বিতীয় পুত্ৰ হেমৰাজ ৰাভাৰ৷
উল্লেখযোগ্য যে, কালি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ শতবৰ্ষীয় অনুষ্ঠানত অংশলৈ সৈনিক শিল্পীজনৰ জ্যেষ্ঠ পুত্ৰ তথা তেজপুৰৰ অগপ বিধায়ক পৃথ্বীৰাজ ৰাভাই তেওঁক কৈশোৰ অবস্থাত কলাগুৰুৱে নৰেন্দ্ৰ দেৱ শাস্ত্ৰীৰ তত্বাবধানত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ প্ৰশিক্ষণ ল’বলৈ কৈছিল বুলি মন্তব্য কৰিছিল৷ বিধায়ক ৰাভাৰ এনে মন্তব্যকলৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে তেওঁক বহুসংখ্যক লোকে চোকা সমালোচনা কৰিছে ৷ এই সন্দৰ্ভত কালি সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক ৰাভাৰ ভ্ৰাতা হেমৰাজ ৰাভাই কয় যে
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সঁচাকৈয়ে যদি আৰ এছ এছৰ অনুগামী আছিল, তেনেহলে দীনদয়াল উপাধ্যায়ৰ দৰে অসমৰ বিমান বন্দৰ, দলং, কলেজ, বিশ্ববিদ্যালয়ৰ নাম বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত নামাকৰণ কৰক । কলাগুৰুৰ পিতৃগৃহটি আটকধুনীয়াকৈ মেৰামতি কৰক ।কওঁতাজনে এই ক্ষেত্ৰত আগভাগ লওক। এই বিষয়টোকলৈ হেমৰাজ ৰাভাই আজি কয় “মোৰ অজ্ঞাতে য’দি তেনে কথা তেওঁক কৈছিল সেয়া মই নাজানো৷ কিন্তু য’দি সেই কথা বিঞ্চু ৰাভাই ক’লেহেঁতেন তেনেহলে নটসূৰ্য ফণী শৰ্মাৰ ওচৰত অভিনয় শিকিবলৈ বা গণ নাট্য সংঘত যোগদান কৰিবলৈও ক’লে হেঁতেন৷”
বিধায়ক পৃথ্বীৰাজ ৰাভাই কৰা মন্তব্যই বিঞ্চু প্ৰসাদ ৰাভাৰ ক্ষেত্ৰত এটা ভুল বাৰ্তা প্ৰেৰণ কৰা বুলি দোহাৰি হেমৰাজ ৰাভাই পুনৰ কয় যে, বিঞ্চুপ্ৰসাদ ৰাভাৰ কোনো ৰচনাতে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কথা উল্লেখ নাই ৷ বিঞ্চু প্ৰসাদ ৰাভাৰ বিষয়ে মেদিনী চৌধুৰী, হোমেন বৰগোহাঞি বা ভূপেন হাজৰিকায়ো ক’তো এনে কথা লিখা নাই বুলি মন্তব্য কৰি হেমৰাজ ৰাভাই কয় যে, বিঞ্চু প্ৰসাদ ৰাভা ৰামায়ন, মহাভাৰত, শিৱপুৰাণ, কালিকাপুৰাণ, কোৰাণ, বাইবেল আৰু ইহুদী সকলৰ ধৰ্মৰ ক্ষেত্ৰতো পণ্ডিত আছিল ৷ কিন্তু সেইবুলি তেওঁ কোনো ধৰ্মীয় সংগঠনৰে জড়িত নাছিল ৷ হেমৰাজ ৰাভাই কয় “নৰেন্দ্ৰ দেৱ শাস্ত্ৰীৰ লগত আমাৰ এটা সম্পৰ্ক আছিল য’দিও সেয়া বিঞ্চু ৰাভা বিধায়ক হোৱাৰ পিছতহে ৷ তেতিয়া তেওঁ আহিছিল আৰু বিঞ্চু ৰাভাও কেতিয়াবা শাস্ত্ৰীৰ ঘৰলৈ গৈছিল৷ তেওঁ পৃথ্বীৰাজ ৰাভাৰ শিক্ষক আছিল যিহেতু তেওঁ তেজপুৰ একাডেমিত পঢ়িছিল ৷ সংঘত প্ৰশিক্ষণ ল’ব পৰা বয়সো সেই সময়ত পৃথ্বীৰাজ ৰাভাৰ হৈছিল বুলি মই নাভাবোঁ৷”
আনহাতে ইমান দিনৰ আগৰ কথা এটা আগতে কেতিয়াও নকৈ এতিয়া কিয় ক’লে বুলিও প্ৰশ্ন কৰি হেমৰাজ ৰাভাই পৃথ্বীৰাজ ৰাভাই কৰা মন্তব্য বিশ্বাস যোগ্য নহয় বুলিও কয় ৷ ইপিনে, তেজপুৰ জনসাংস্কৃতিক পৰিষদে তেজপুৰৰ অগপ বিধায়ক পৃথ্বীৰাজ ৰাভাই আৰএছএছৰ শতবৰ্ষীয় এক অনুষ্ঠানত অংশ লৈ অসমৰ ৰাইজৰ অতিকৈ আপোন সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ সমাজবাদী আদৰ্শ আৰু চিন্তাৰ বিকৃতি কৰা কাৰ্যক তীব্ৰ বিৰোধিতা কৰিছে। তেজপুৰ জনসাংস্কৃতিক পৰিষদৰ সভাপতি, বিশিষ্ট লেখিকা ৰাজু বৰুৱা আৰু সম্পাদক স্বপন মজুমদাৰে কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত উল্লেখ কৰিছে যে, জাতি, বৰ্ণ, ধৰ্মৰ উৰ্দ্ধত থাকি নিচলা ৰাইজৰ মুক্তিৰ হকে নিজক উৎসৰ্গা কৰা শিল্পী গৰাকীক অপমানিত কৰি বিধায়ক ৰাভাই নিজ ক্ষমতাৰাগিৰ তাড়নাত কৰা সুবিধাবাদী ৰাজনীতিক পৰিষদে সমালোচনা কৰি প্ৰতিবাদ জনায় ৷
অসমীয়াৰ প্ৰাণৰ শিল্পী সদ্য প্ৰয়াত জুবিন গাৰ্গে আদৰ্শ বুলি দাঙি ধৰা শিল্পীজনক কৰা এনে অপমানে লাখ লাখ জুবিন অনুৰাগীকো অপমান কৰিছে ৷ সুবিধা চাই পোছাক সলনি কৰা এনে ব্যক্তিৰ মুখা খুলি দিয়া আৰু বিচ্ছিন্ন কৰাৰ প্ৰয়োজন আহি পৰিছে বুলি উল্লেখ কৰি এনে ঘটনাক পৰিষদে নিন্দা কৰি দুৰ্ভাগ্যজনক আখ্যা দিছে ৷ উল্লেখযোগ্য যে, বিষয়টোকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাইজৰ দলৰ সাধাৰণ সম্পাদক অলক নাথে কয় যে, নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰিবলৈ গৈ কলাগুৰুৰ জ্যেষ্ঠ পুত্ৰ, তেজপুৰৰ অগপ বিধায়ক পৃথ্বীৰাজ ৰাভাই সৈনিক শিল্পী,কমৰেড বিষ্ণু ৰাভাৰ আদর্শকে বিকৃত কৰিলে। তেজপুৰৰ এগৰাকী সাংস্কৃতিক কর্মী শান্তনু মহন্তই কয়, বিষ্ণুপ্ৰসাদ ৰাভা পৃথ্বীৰাজ ৰাভাৰ পিতৃ হয় কিন্তু গোটেই অসমবাসীয়েই বিষ্ণুপ্ৰসাদ ৰাভাৰ উত্তৰাধিকাৰী। বিষ্ণুপ্ৰসাদ ৰাভা অসমীয়া জাতীয় জীৱনৰ আদৰ্শ। তেওঁ দেখুওৱা সমাজবাদী আদর্শৰে আমি আগবাঢ়িব বিচাৰো। ৰাজনৈতিক স্বাৰ্থৰ বাবে বিষ্ণুপ্ৰসাদ ৰাভাৰ আদর্শক বিকৃত কৰাতো নিন্দনীয় আৰু গৰ্হিত কাম। ২০২৬ ত তেজপুৰ বিধানসভা সমষ্টিৰ টিকটতো যিহেতু বিজেপিয়ে পাব বুলি চৰ্চা চলিছে সেয়ে পৃথ্বীৰাজ ৰাভাই বিষ্ণু ৰাভাক টানি আনি নিজৰ টিকট লাভৰ বাটতো চিকুনাব বিচাৰিছে।”
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ