নতুন দিল্লী, ০৬ অক্টোবৰ (হি.স.)। ন্যায়াধীশ অৰবিন্দ কুমাৰৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত কাৰাবন্দী হৈ থকা সোণম ৱাংচুকক মুক্তিৰ বাবে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰ, লাডাখ প্ৰশাসন, ৰাজস্থান চৰকাৰলৈ জাননী জাৰি কৰে। অহা ১৩ অক্টোবৰত এই গোচৰৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব।
সোণম ৱাংচুকৰ পত্নী গীতাঞ্জলি জে আংমোৱে স্বামীৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই এই আবেদন দাখিল কৰিছে। লগতে স্বামীৰ মুক্তিৰ দাবী জনাইছে গীতাঞ্জলিয়ে। গীতাঞ্জলিয়ে আবেদনখনত উল্লেখ কৰিছে যে সোণম ৱাংচুকক গ্ৰেপ্তাৰ কৰাৰ এসপ্তাহৰ পাছতো তেওঁৰ স্বাস্থ্য সম্পৰ্কে কোনো তথ্য লাভ কৰা নাই।
শুনানিৰ সময়ত গীতাঞ্জলীৰ হৈ জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে আটক কৰাটো ভুল বুলি উল্লেখ কৰে আৰু তেওঁলোকে ইয়াৰ বিৰোধিতা কৰে। কেন্দ্ৰীয় চৰকাৰৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে সোণম ৱাংচুকক গ্ৰেপ্তাৰ কৰাৰ কাৰণৰ প্ৰতিলিপি প্ৰদান কৰা হৈছে।
যোৱা ২৬ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰা সোণম ৱাংচুক বৰ্তমান ৰাজস্থানৰ যোধপুৰ কাৰাগাৰত বন্দী হৈ আছে। সোণম ৱাংচুকে লাডাখৰ বাবে পূৰ্ণ ৰাজ্যৰ দাবী জনাইছিল। লাডাখত সংঘটিত হিংসাত্মক ঘটনাৰ সময়ত হোৱা গুলীচালনাৰ ঘটনাত চাৰিজন লোক নিহত হৈছিল়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া