শোণিতপুৰ, ০৬ অক্টোবৰ (হি.স.)। বোকাখাতত নিশা আৰক্ষীয়ে জব্দ কৰা বাহনৰ পৰা ৬০ লাখ টকা উদ্ধাৰ হৈছে ৷ বাহন খনত আছিল চালকসহ চাৰিজন যুৱক ৷ যুৱককেইজন তেজপুৰৰ ৷ বোকাখাত আৰক্ষীয়ে নিশা এক গোপন সুত্ৰৰ ভিত্তিত আটক কৰিছিল চাৰিওকে ৷ এএছ ১২ একে ২৮৭৯ নম্বৰৰ চুইফ্ট ডিজায়াৰ বাহনখনত তেজপুৰৰ পৰা যোৰহাটলৈ আহিছিল বুলি স্বীকাৰ চাৰি যুৱকৰ ৷
তদন্তৰ খাতিৰত আৰক্ষীয়ে বৰ্তমানলৈকে কোনো কথা মুকলিকৈ ব্যক্ত কৰা নাই ৷ যুৱক কেইজনে ব্যৱসায়ত খতাবৰ বাবে তেজপুৰৰ উজ্জীৱন স্মল ফাইনেঞ্চ লিমিটেড বেংকৰ পৰা টকাখিনি উঠাই আনিছিল বুলি জানিব পৰা গৈছে ৷ তথাপিও চাৰি যুৱকক বোকাখাত আৰক্ষীৰ সোধাপোছা অব্যাহত ৰাখিছে ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু