কামৰূপ, ০৬ অক্টোবৰ (হি.স.)। স্বাৱলম্বীতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে ৰঙিয়াৰ এজন শিক্ষিত যুৱকে। নিজ ঘৰতে সম্পূৰ্ণ প্ৰাকৃতিক পদ্ধতিৰে মাছৰুমৰ খেতি কৰি যুৱকজনে দাঙি ধৰিছে স্বাৱলম্বীতাৰ এক নিদৰ্শন। উচ্চ শিক্ষিত হৈয়ো চৰকাৰী চাকৰিক আশা নকৰি ৰঙিয়াৰ বিশিষ্ট কৱি মুনীন শৰ্মা আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী বিমলা দেৱীৰ একমাত্ৰ পুত্ৰ কৌস্তৱ ভৰদ্বাজে নিজ ঘৰতে আৰম্ভ কৰিছে মাছৰুমৰ খেতি।
কোনো ধৰণৰ কেমিকেল ব্যৱহাৰ নকৰি সম্পূৰ্ণ প্ৰাকৃতিক পদ্ধতিৰে প্ৰস্তত কৰি অহা এই মাছৰুম মানুহৰ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী। যিটো সময়ত চৰকাৰী চাকৰি বিচাৰি একাংশই হাবাথুৰি খাই আহিছে সেই সময়তে স্বাৱলম্বীতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে ৰঙিয়াৰ উচ্চশিক্ষিত যুৱক কৌস্তৱ ভৰদ্বাজে। গতিকে তেওঁৰ এই আদৰ্শই যথেষ্ট উৎসাহিত কৰি তুলিব আজিৰ নিবনুৱা যুৱক যুৱতী সকলক।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু