১১অক্টোবৰৰ পৰা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতা
শোণিতপুৰ, ০৬ অক্টোবৰ (হি.স.)। তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অহা ১১অক্টোবৰত স্থানীয় পলফিল্ডত আৰম্ভ হ’ব ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতা৷ আজি তেজপুৰ জিলা ক্ৰীড়া সংস্থাৰ পলফিল্ড স্হিত কাৰ্যালয়ত দিনৰ ১১বজাত আয়োজিত এক সংবাদ
১১অক্টোবৰৰ পৰা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতা


শোণিতপুৰ, ০৬ অক্টোবৰ (হি.স.)। তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অহা ১১অক্টোবৰত স্থানীয় পলফিল্ডত আৰম্ভ হ’ব ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতা৷ আজি তেজপুৰ জিলা ক্ৰীড়া সংস্থাৰ পলফিল্ড স্হিত কাৰ্যালয়ত দিনৰ ১১বজাত আয়োজিত এক সংবাদমেলত এইবিষয়ে সদৰি কৰে জিলা ক্ৰীড়া সংস্থাটোৰ বিষয়ববীয়া সকলে৷

তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি জিতেন বৰঠাকুৰ, উপ সভাপতি বিৰাজ নাথ, সাধাৰণ সম্পাদক জিতেন বৰা আৰু আন দুগৰাকী বিষয়ববীয়া নিপ বৰা আৰু অশ্বিনী বৰাই অংশলোৱা এই সংবাদমেলত কোৱা হয় যে,এইবাৰ ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতাখনৰ সকলো খেলেই অনুষ্ঠিত হ’ব নৈশালোকত ৷ মুঠ ১৫লাখ টকা ব্যয়সাপেক্ষ প্ৰতিযোগিতাখনত অইল ইণ্ডিয়া, মণিপুৰ ফুটবল ফৰ চেঞ্জ, যোৰহাট টাউন ক্লাৱ, ছয় গাঁও এফ চি, এন আৰ এল একাডেমি, এমি গ’জ একাদশ, আংচুমাই এফ চি আৰু তেজপুৰ এফ চি দলে অংশ ল’ব৷

উল্লেখযোগ্য যে, প্ৰতিযোগিতাখনৰ ছেমি ফাইনেল খেল দুখন ১৬ আৰু ১৭ অক্টোবৰত অনুষ্ঠিত হ’ব আৰু ফাইনেল খেলখন অনুষ্ঠিত হ’ব ১৯ অক্টোবৰত৷ উল্লেখযোগ্য যে, যোৱা বছৰ প্ৰতিযোগিতাখনে যথেষ্ট সংখ্যক দৰ্শক লাভ কৰিছিল ৷ এইবাৰ প্ৰথমবাৰলৈ প্ৰতিযোগিতাখনৰ সকলো খেলেই নৈশালোকত অনুষ্ঠিত হোৱাৰ বাবে পূৰ্বৰ তুলনাত দৰ্শকৰ সংখ্যা অধিক বৃদ্ধি পাব বুলিও আশা প্ৰকাশ কৰিছে উদ্যোক্তা জিলা ক্ৰীড়া সংস্থাটোৱে ৷

প্ৰণিধানযোগ্য যে,এইবাৰ প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে দেশৰ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী সৰ্বানন্দ সোনোৱাল উপস্থিত থাকিব বুলিও আজি সংবাদমেলত প্ৰকাশ কৰা হৈছে ৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande