গোলাঘাট, ০৬ অক্টোবৰ (হি.স.): ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতাব্দীবৰ্ষ যাত্ৰা সম্পূৰ্ণ কৰা উপলক্ষে আয়োজন কৰা উদ্বোধনী কাৰ্যক্ৰমৰ অংশ হিচাপে যোৱা কালি দেওবাৰে বিয়লি ধ্বজাতোলন কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয় উদ্বোধনী অনুষ্ঠানৰ কাৰ্যক্ৰম।কলিয়াবৰ আৰু পশ্চিম কলিয়াবৰ খণ্ডৰ ব্যৱস্থাপনাত কুঁৱৰীটোল গান্ধী খেলপথাৰত সংঘকাৰ্য পদ্ধতিৰে উদযাপন কৰা এই অনুষ্ঠানত সংঘৰ সদস্য সকলে অংশগ্ৰহণ কৰে।
ধ্বজা প্ৰণাম, শাৰিৰীক প্ৰণাম, সাংগিক গীতৰ লগতে অমৃত বচন, আশীষ বচন আৰু বৌদ্ধিক বচনৰে সংঘৰ কাৰ্যকৰ্তা সকলক অনুপ্ৰাণিত কৰে । এই কাৰ্যক্ৰমৰ দৰ্শকৰ আসনত বহি সংঘৰ প্ৰবচন শ্ৰৱণ কৰিলে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাকে ধৰি বহু কেইগৰাকী বিজেপি দলৰ নেতা-কৰ্মীয়ে।
উল্লেখ্য যে ১৯২৫ চনৰ ২৭ ছেপ্টেম্বৰত স্থাপিত হোৱা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ পৃথিৱীৰ সৰ্ববৃহৎ স্বেচ্ছাসেৱী সংগঠন।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ