ওদালগুৰিৰ ডিমাকুছিত বন্যহস্তীৰ আক্ৰমণত এজনৰ মৃত্যু
গৰু আনিবলৈ গৈ বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱায় এগৰাকীয়ে।
ওদালগুৰিৰ ডিমাকুছিত বন্যহস্তীৰ আক্ৰমণত এজনৰ মৃত্যু


ওদালগুৰি, ০৬ অক্টোবৰ (হি.স.): ওদালগুৰি জিলাৰ ডিমাকুছিত যোৱা কালি দেওবাৰে আবেলি এক শোকাৱহ ঘটনা সংঘটিত হয়। গৰু আনিবলৈ গৈ বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱায় এগৰাকী ব্যক্তিয়ে । নিহত লোকজন ২ নং বামুনজুলিৰ হৰেশ্বৰ দাস (৪৬) বুলি পৰিচয় পোৱা গৈছে ।

প্ৰাপ্ত তথ্য মতে, ডিমাকুছিৰ ২ নং বামুনজুলি ব'ৰিং চকত বন্যহস্তীয়ে গছকি নিহত কৰে। গৰু আনিবলৈ যোৱা সময়তে দেওবাৰে সন্ধিয়া বন্যহস্তীৰ মুখা-মুখী হৈ প্ৰাণ হেৰুৱায়। ঘটনা স্থলীত ডিমাকুছি আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। উল্লেখ্য যে ভাৰত–ভূটান সীমান্তৰ ডিমাকুছি অঞ্চলত হস্তী আৰু মানুহৰ সংঘাট দীৰ্ঘদিনীয়া। এই অঞ্চলত বন্য হস্তীৰ আক্ৰমণৰ ইতিমধ্যে শতাধিক লোক নিহত হৈছে। ইফালে এই সংঘাতত বহু বন্য হস্তীৰো মৃত্যু হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande