গৌৰীপুৰ বালাজানত চিপলৈ আত্মহত্যা এগৰাকী বৃদ্ধৰ
গৌৰীপুৰ বালাজানত চিপলৈ আত্মহত্যা এগৰাকী বৃদ্ধৰ।
গৌৰীপুৰ বালাজানত চিপলৈ আত্মহত্যা এগৰাকী বৃদ্ধৰ


ধুবুৰী, ০৬ অক্টোবৰ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰত এক অঘটন সংঘটিত হৈছে। গৌৰীপুৰৰ বালাজানত চিপলৈ আত্মহত্যা কৰে এগৰাকী বৃদ্ধই। আজি পুৱাই উদ্ধাৰ হয় চিপ লোৱা ব্য়ক্তিজনৰ মৃতদেহ।

প্ৰাপ্ত তথ্য়মতে বালাজান গাওঁ খনৰ কোব্বাত আলী নামৰ ব্যক্তি গৰাকীয়ে আত্মহত্য়া কৰে। আজি সোমবাৰে পুৱাই ব্য়ক্তিজনক চিপলৈ উলমি থকা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে। পিছে বালাজান আৰক্ষীক খবৰ দিয়াত বালাজান আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে।

ব্যক্তি গৰাকীৰ চিপলৈ আত্মহত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি এক চাঞ্চলকৰ সৃষ্টি কৰিছে। ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। বৃদ্ধ ব্য়ক্তিগৰাকীয়ে কি কাৰণত এই সিদ্ধান্ত গ্ৰহণ কৰিলে সেই বিষয়ে জানিব পৰা নাই। এইক্ষেত্ৰত মৰণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্টৰ পিছতেই ওলাব প্ৰকৃত ৰহস্য।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande