গোলাঘাট, ০৬ অক্টোবৰ (হি.স.)। দেৰগাঁৱৰ কমাৰ গাঁৱৰ এজন নৱম শ্ৰেণীৰ ছাত্ৰৰ নিৰুদ্দেশৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে l দেওবাৰৰ পৰা সন্ধানহীন হৈ আছে ১৫ বছৰীয়া প্ৰাঞ্জল ফুকন l ৰহস্যজনক ভাবে বৰুৱা বামুন গাওঁ ৰে'ল ষ্টেচনত উদ্ধাৰ হৈছে ছাত্ৰ জনৰ চাইকেল আৰু লংপেন্ট l
ছাত্ৰ জনৰ সন্ধান পালে ৯৬৭৮৭৭৫৯১৯ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালে l নিৰুদ্দিষ্ট ছাত্ৰ জনৰ অভিভাৱকে ইতিমধ্য়ে দেৰগাৱ আৰক্ষী থানাত ছাত্ৰ জন নিখোজ হোৱা বিষয়ে এখন এজাহাৰ দাখিল কৰিছে।ছাত্ৰ জন কোনো মানৱ সৰবৰাহকাৰীৰ কবলত পৰিব পাৰে বুলি নিৰুদ্দিষ্ট ছাত্ৰ জনৰ অভিভাৱকে সংকিত হৈ আছে। অভিভাৱক ইতিমধ্য়ে নিৰুদ্দিষ্ট ছাত্ৰ জন তেওলোকৰ কোনো আত্মীয়ৰ ঘৰলৈ যাব পাৰে বুলি বিচাৰ খোচাৰ কৰে যদিও কোনো সূংশুত্ৰ লাভ কৰা নায়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু