বঙাইগাঁও জিলাৰ স্বাস্থ্য খণ্ডৰ চিকিৎসালয়ত নিশা হ’লে ম'বাইলৰ ফ্লাছ লাইটেই শেষ ভৰসা
বঙাইগাঁও জিলাৰ স্বাস্থ্য খণ্ডত,নিশা হলে ম'বাইলৰ ফ্লাছ লাইটেই শেষ ভৰসা চিকিৎসালয়ত ।
বঙাইগাঁও জিলাৰ স্বাস্থ্য খণ্ডৰ চিকিৎসালয়ত নিশা হ’লে ম'বাইলৰ ফ্লাছ লাইটেই শেষ ভৰসা


বঙাইগাঁও, ০৬ অক্টোবৰ (হি.স.): বঙাইগাঁও জিলাৰ স্বাস্থ্য খণ্ডৰ চিকিৎসালয়ত সঘন বিদ্য়ুৎ কৰ্তনৰ বাবে আহুকালৰ সন্মুখীন হৈ আহিছে চিকিৎসক তথা ৰোগীসকল। কেতিয়াবা কেতিয়াবা নিশা হলে চিকিৎসালয়ত ম'বাইলৰ ফ্লাছ লাইটেই শেষ ভৰসা হৈ পৰে । একে ধৰণৰ সমস্য়াৰ সন্মুখীন হৈ আহিছে বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম আদৰ্শ চিকিৎসালয় । বিদ্য়ুৎ কৰ্তনৰ ফলত ঘন্টা ঘন্টা ধৰি অন্ধকাৰময় হৈ ৰয় চিকিৎসালয়খন।

ইয়াৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ৰোগী আৰু আত্মীয়ৰ মাজত । চিকিৎসালয় খনত নিশা বিদ‍্যুৎ কৰ্তন হ’লে ম'বাইলৰ পোহৰ বা ম'মবাতিৰ সহায়ত চিকিৎসা প্ৰদান কৰে চিকিৎসকে । অতি গুৰুত্বপূৰ্ণ চিকিৎসালয়খনৰ এই সমস্যা দীঘদিনীয়া । কেতিয়াবা যদি তেলৰ অভাৱ কেতিয়াবা জেনেৰেটৰ বিকল হোৱাৰ কথা কয় চিকিৎসালয়খনৰ কৰ্মচাৰীয়ে । ইফালে চিকিৎসালয় খনৰ সমস্যা সমাধানত গুৰুত্ব নিদিয়াৰো অভিযোগ উত্থাপিত হৈ আহিছে দায়িত্বত থকা ড° অবনী কুমাৰ শৰ্মাৰ বিৰুদ্ধে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande