মেক্ৰনৰ ঘনিষ্ঠ সহযোগী ৰ’লেণ্ড লেস্কুৰ ফ্ৰান্সৰ নতুন বিত্তমন্ত্ৰী নিযুক্ত
পেৰিছ, ০৬ অক্টোবৰ (হি.স.)। ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী চেবাষ্টিয়ান লেকৰ্ণুৱে দেওবাৰে নতুন চৰকাৰৰ কথা ঘোষণা কৰি ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ ঘনিষ্ঠ মিত্ৰ ৰ’লেণ্ড লেস্কুৰক দেশখনৰ নতুন বিত্তমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। পূর্বৰ চৰকাৰৰ কেইবাজনো জ্যেষ্ঠ মন্ত্
सांसद रोलां लेस्क्यूर


পেৰিছ, ০৬ অক্টোবৰ (হি.স.)। ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী চেবাষ্টিয়ান লেকৰ্ণুৱে দেওবাৰে নতুন চৰকাৰৰ কথা ঘোষণা কৰি ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ ঘনিষ্ঠ মিত্ৰ ৰ’লেণ্ড লেস্কুৰক দেশখনৰ নতুন বিত্তমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। পূর্বৰ চৰকাৰৰ কেইবাজনো জ্যেষ্ঠ মন্ত্রীয়ে নতুন মন্ত্রীসভাত নিজৰ পদ অক্ষুণ্ণ ৰাখিছে৷

৫৮ বছৰীয়া লেস্কুৰে ছ’চিয়েলিষ্ট পাৰ্টিৰ সৈতে ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ২০১৭ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত মেক্ৰনৰ প্ৰথম সমৰ্থকসকলৰ ভিতৰত অন্যতম আছিল। তেওঁৰ নিযুক্তিক বাওঁপন্থীসকলক সন্তুষ্ট কৰাৰ প্ৰয়াস হিচাপে গণ্য কৰা হৈছে, কিয়নো চৰকাৰে ২০২৬ চনৰ বাজেটৰ ওপৰত সংসদত কেন্দ্ৰীয়, বাওঁপন্থী আৰু উগ্ৰ সোঁপন্থী তিনিটা ফৈদৰ মাজত আপোচ কৰিব লাগিব।

প্ৰাক্তন বিত্তমন্ত্ৰী ব্ৰুনো লে মেৰক প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছে। বিৰোধীয়ে নতুন দলটোক সমালোচনা কৰি ইয়াক “বাৰ’ অবিহনে বাৰ’ৰ চৰকাৰ” বুলি অভিহিত কৰাৰ বিপৰীতে মেৰিন লে পেনে ইয়াক “ফ্ৰান্সক ঋণত ডুবাই দিয়া মানুহজনৰ উভতি অহা” বুলি অভিহিত কৰে।

লেস্কুৰে এতিয়া সুক্ষ্ম বাজেট আলোচনাত সমাজবাদীসকলৰ সমৰ্থন বা অন্ততঃ তেওঁলোকৰ নিৰপেক্ষ স্থিতি লাভ কৰিব লাগিব, লগতে মেক্ৰনৰ ব্যৱসায়িক পক্ষপাতী নীতিও বজাই ৰাখিব লাগিব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande